এতিয়া লাচিতৰ দিনৰ শৰাইঘাট নাই, কিন্তু আন এখন শৰাইঘাট হ'লে আছে। এইখন শৰাইঘাটত সংঘবদ্ধ হৈ সদৌ অসমীয়া দেশ ৰক্ষাৰ মন্ত্ৰত একমুখী হোৱাৰ আৱশ্যকতা আছে। অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ আছিল সামৰিক, এতিয়াৰ সমস্যাবোৰ হ'ল সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু ঐতিহাসিক। অসমৰ সমস্যাৰ অন্ত নাই আৰু অন্ত নপৰে। এক শ্ৰেণীৰ সমস্যাৰ সমাধান হ'লে আন শ্ৰেণীৰ সমস্যাই মূৰ দাঙি উঠিব।এয়ে হৈছে অসমৰ জাতীয় জীৱনৰ চিৰন্তন পটভূমি। এই সমস্যাবোৰৰ ভালদৰে সমাধান নহ'লে অসমৰ অস্তিত্ব লৈ টনাটনি হ'ব। সু-বিবেচনাৰে কাৰ্যপন্থা নিৰূপণ আৰু ক্ষিপ্ৰভাৱে কাৰ্যপন্থা গ্ৰহণ আৰু সম্পাদন, এই দুইৰ সমাৱেশ শৰাইঘাটৰ ৰণত অসমীয়াৰ কাৰণে আৱশ্যক আছিল আৰু আগলৈকে আৱশ্যক হ'ব। সেয়ে শৰাইঘাট নাই, কিন্তু শৰাইঘাট আছে।
বা
লাচিতৰ দিনৰ শৰাইঘাট নাথাকিলেও, আজিও নতুন শৰাইঘাট আছে। তেতিয়া যুদ্ধ আছিল সামৰিক, আজিৰ যুদ্ধ হৈছে সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু ঐতিহাসিক। অসমৰ সমস্যা শেষ নহয়, একোটা সমাধান হ’লে আনটো সমস্যা মূৰ তোলে। যদি এই সমস্যাবোৰৰ সঠিক সমাধান নহয়, অসমৰ অস্তিত্ব সংকটত পৰিব। অতীতৰ দৰে আজিও সু-বিবেচনাৰে সিদ্ধান্ত লোৱা আৰু ক্ষীপ্ৰ পদক্ষেপ গ্ৰহণ কৰা অত্যাৱশ্যক। সেইবাবেই, শৰাইঘাট নাই, কিন্তু শৰাইঘাট আছে।