Posted by bulmoni • 6 days ago
গান্ধীজীৰ অসম ভ্ৰমণৰ সময়ত ক’ত কোনে মজলিচ বৈঠকৰ আয়োজন কৰিছিল বুজাই লিখা।
Discussions (1)
bulmoni
·
6 days ago
১৯২১ চনৰ ২১ আগষ্টৰ দিনা যেতিয়া মহাত্মা গান্ধী অসম ভ্ৰমণৰ বাবে আহিছিল তেতিয়া গান্ধীজীৰ সন্মানাৰ্থে 'আগৰৱালা পকী'ৰ সন্মুখত সন্ধিয়া সাত বজাৰ পৰা বহল ঘাঁহনি চোতালত দলিচা, সতৰঞ্চি, ত্ৰিপাল, নগাঢাৰি পাৰি মজ্লিচ বৈঠক পতা হৈছিল। নিৰ্ধাৰিত কাৰ্যতালিকা অনুসৰি, টাউনৰ গণ্যমান্য লোকসকল, দূৰৈৰ পৰা আহি অভ্যৰ্থনাত যোগ দিয়াৰাইজৰ নেতা-শ্ৰেণী, ৰাইজৰ এভাগ আৰু টাউনবাসী সৰ্বসাধাৰণ মানুহ চাপি ধীৰে-শাঁতে যথাযোগ্য ঠাইত আসন লৈছিল। মজ্লিচত কিন্তু গোহাঞিবৰুৱাৰ বাদে আন কোনো চৰকাৰী চাকৰিয়াল, পেন্সনীয়া, গৱৰ্ণমেণ্ট খিতাপধাৰী লোক অংশ লোৱা নাছিল।
Log in
to join the discussion.