Posted by bulmoni • 7 days ago

ঘ) সকলো মানুহৰেই জীৱনবোৰ একো একোখন যুঁজ ।

Discussions (1)
bulmoni · 7 days ago
বাক্যফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ড॰ মৃণাল কলিতা দেৱৰ দ্বাৰা ৰচিত 'যুঁজ' নামৰ চুটিগল্পটিৰ পৰা তুলি দিয়া হৈছে ।
লিখকে ক’ব বিছাৰিছে যে – জীৱনবোৰ একো একোখন যুঁজ । সেই যুঁজখনতেই হয়তো জীৱনৰ আমেজ – হয়তো যুঁজখনেই জীৱনটো । নিয়মৰ মাজেৰেই জীৱনৰ যুঁজখন যুঁজি যাব লাগিব । নিয়মৰ বাহিৰ হৈ খেলিলে নিজেই বচাব লাগিব, ৰেফাৰীৰ হুউছেলটো । প্ৰত্যেক মানুহৰে সমস্যাবোৰক লিখকে ‘যুঁজ’ বুলি কৈছে। সি শাৰীৰিক কিম্বা মানসিক হওঁক। আৰু প্ৰত্যেকেই নিজৰ নিজৰ জীৱনত এজন যুঁজাৰু ।
Log in to join the discussion.