Posted by bulmoni • 7 days ago
‘হাঁহিব নোৱাৰি, খেলিব নোৱাৰি, শুব নোৱাৰি– ইমানেই তীব্ৰ এই শূন্যতাৰ ভাৰ – দুখৰ দাহন'- কথাষাৰ কাৰ বিষয়ে আৰু কিয় কোৱা হৈছে বুজাই লিখা ।
Discussions (1)
bulmoni
·
7 days ago
কথাষাৰ সিদ্ধাৰ্থৰ বিষয়ে কোৱা হৈছে ।
সিদ্ধাৰ্থৰ মাক-দেউতাকৰ মাজত প্ৰায়ে কাজিয়া হৈছিল । তেওঁলোক নিজৰ মাজত এনেদৰে সোমাই পৰিছিল যে সিদ্ধাৰ্থৰ মনত পৰা বিৰূপ প্ৰতিক্ৰিয়াৰ বিষয়ে সমূলি মন দিয়া নাছিল। এদিন মাক–দেউতাকৰ মাজত বিচ্ছেদ হৈছিল । সিদ্ধাৰ্থক কোনোৱে ইয়াৰ কাৰণ জনোৱা নাছিল আৰু সিদ্ধাৰ্থও নিজে কাকো একো সোধা নাছিল । মাক বাপেকৰ কি হৈছে, সেই অমীমাংসিত প্ৰশ্ন, যি আছিল তাৰ চকুপানী বোৰতকৈও গধুৰ। সিদ্ধাৰ্থ নামৰ সংবেদনশীল কিশোৰজনে নিঃসংগতা আৰু হতাশাত ভুগিছিল; চাৰিওফালে শূণ্যতা দেখিছিল । য'ত হাঁহিব নোৱাৰি, খেলিব নোৱাৰি, শুব নোৱাৰি ইমানেই তীব্ৰতা এই শূণ্যতাৰ ভাৰ, দুখৰ দাহন ।
Log in
to join the discussion.