Posted by bulmoni • 7 days ago

হনুমন্তই পদূলি সময়ত দেখা লঙ্কা নগৰীৰ এটি বৰ্ণনা দিয়া ।

Discussions (1)
bulmoni · 7 days ago
সীতাৰ সন্ধানত সাগৰ পাৰ হৈ হনুমন্ত লঙ্কা অভিমুখে গৈছিল । বিবিধ ফল - ফুলেৰে জাতিষ্কাৰ বন- বননিৰ পাৰ হৈ গধূলি সময়ত উপস্থিত হৈ লংকা নগৰীত প্ৰৱেশ কৰিবলৈ সাজু হ'ল । কিন্তু তেওঁৰ প্ৰকাণ্ড শৰীৰটো দেখিলে লঙ্কাত থকা ৰাক্ষসে তেওঁক বান্ধি ঘৰে ঘৰে লৈ ফুৰা বুলি ভাবি তেওঁ ভয় কৰিছিল । তেতিয়া তেওঁ মায়াবিদ্য়াৰে নিজৰ শৰীৰটোক এটি মেকুৰীলৈ ৰূপান্তৰ কৰিলে । মেকুৰী এটি হৈ তেওঁ দেৱাল বগাই লঙ্কাৰ সৌন্দৰ্য উপভোগ কৰিব ধৰিলে । ত্ৰিকূট পৰ্বত স্থাপিত লঙ্কা নগৰখন যেন বিশ্বকৰ্মা নিৰ্মিত ইন্দ্ৰৰ ৰাজধানী অম্ৰাৱতীহে । সমগ্ৰ লঙ্কা নগৰীৰ চাৰিসীমা সোণৰ গড়েৰে নিৰ্মিত আছিল । সোণ, মণি-মণিক আদিবোৰে ঠাইখনৰ মাজে মাজে জলমন্দলৈ থাকি পোহৰ বিলাই আছিল । গোটেই লঙ্কা নগৰীখনৰ চৌপাশে একোটা ডাঙৰ গড়ে বেঢ়ি আছিলে । দেৱতা, অসুৰ আদিয়ে পাৰ হ'ব নোৱাৰাকৈ শাৰী-শাৰীকৈ বিভিন্ন যন্ত্ৰ সাজি থোৱা আছিল । গধূলি সময়ত দেখা লঙ্কা নগৰী খন দুৰ্গম স্থান যেন লাগিছিল হনুমন্তইৰ ।
Log in to join the discussion.