Posted by bulmoni • 7 days ago
'হনুমন্তৰ' লঙ্কাদৰ্শন' কাব্য়াংশৰ মূল কথাখিনি তোমাৰ নিজৰ কথাৰে লিখা ।
Discussions (1)
bulmoni
·
7 days ago
ৰাৱণে সীতাক ধৰি নিহে বুলি গম পাই হনুমানে বিশাল সাগৰ পাৰ হৈ সুবলে শৃংগত অৱতৰণ কৰে । সুবেলিগিৰি শৃংগত বহি লংকা নগৰীখন চাই থাকোঁতে সূৰ্য অস্ত যাবলৈ ওলোৱাত কিছু সময়ৰ বাবে সূৰ্য দেৱতাক প্ৰকাশিত হৈ থাকিবলৈ হনুমানে প্ৰাৰ্থনা কৰিছিল যাতে দিনৰ পোহৰত তেওঁ লঙ্কাৰ গড়টো চাব পাৰে । হনুমানৰ প্ৰাৰ্থনাত সূৰ্যদেৱতা সন্তুষ্ট হৈ কিছু সময়ৰ বাবে প্ৰকাশিত হৈ থকাত হনুমানে দিনৰ পুহৰত লঙ্কা নগৰীখন দেখা পালে আৰু তালৈ যাবলৈ সাজু হ'ল । এই পথছোৱাত সৌন্দৰ্য অতি মনোমোহা আছিলে । চাৰিওফালে থকা বননিযোৰ মাজত থকা পুখুৰীযোৰত পদুম ফুল ফুলি জকমকাই আছে আৰু ভোমোৰাবোৰে সেই ফল - ফুলবোৰৰ মধুপান কৰি আছে । এই বননিত হনুমন্তই বিভিন্ন ধৰণৰ ফল - ফুলৰ গছ দেখা পাইছে । সেইবোৰ হ'ল সৰল, পিয়াল, নিখৰ, খেজুৰ, শাল, তাল, তামোল, গমাৰি, বীজপুৰ, বৰগছ, ঔটেঙা, বুট, কমলা, বগৰী, তেতেলী, আম, জাম, নাগেশ্বৰ, আমলখি, নাৰিকল, শ্ৰীফল, কৰ্দৈ, অমৰা, কল, গুলাল, পাৰিজাত, মালত , গুটিমালী আদি । এই গছবোৰৰ পৰা গোটেই বছৰ জুৰি, শীতল বতাহ বলি থাকে আৰু বছৰটোৰ ছয়টা ঋতুতেই কুলিয়ে সুললিত কণ্ঠে গীত গাই থাকে। লঙ্কাৰ চৌপাশে সাগৰে বাৰে বৰণীয়া মুকুতাৰে উপচাই পেলাইছে । গোটেই দিনটো লঙ্কাৰ কাষৰ বননিখনৰ সৌন্দৰ্য উপভোগ কৰাৰ অন্তত গধূলি বেলিকা হনুমানে লঙ্কাত প্ৰৱেশ কৰিবলৈ আহিছিল কিন্তু নিজৰ শাৰীৰিক কলেৱৰ মেকুৰীৰ সমান কৰি হে তেওঁ লঙ্কাৰ প্ৰাচীৰৰ ওপৰত উঠিল । গোটেই লঙ্কাখন সোণৰ গড় আৰু প্ৰাচীৰেৰে আৱৰি আছে আৰু শাৰী-শাৰীকৈ নানা যন্ত্ৰ সাজি থোৱা আছে যাতে দেৱতা বা কোনো অসুৰে তাক লঙ্ঘন কৰিব নোৱাৰে । সেই দুৰ্গম ছাই দেখি হনুমানে চিন্তাত পৰিল । কাৰণ অঙ্গত, সুগ্ৰীৱ, নীল আৰু হনুমানে লগ হৈ শতেক যোজন দূৰত থকা সাগৰ পাৰ হ'ব পাৰিলেও বান্দৰবোৰে লঙ্কালৈ কেনেদৰে আহিব । আহিলেও ৰামচন্দ্ৰইনো তাত কি কৰিব ? যিহেতু ৰাম লক্ষ্মণৰ অপাৰ মহিমা গতিকে মনত কিছু আশা লোৱা উচিত ।
Log in
to join the discussion.