Posted by bulmoni • 2 days ago

হস্তিবিদ্যাৰ্ণৱ পুথিৰ গদ্যশৈলীৰ বিষয়ে চমুকৈ আলোচনা কৰা।

Discussions (1)
bulmoni · 2 days ago
সুকুমাৰ বৰকাথে ১৯৩৪ খৃষ্টাব্দত আহোম ৰজা শিৱসিংহ আৰু বৰকুঁৱৰী অম্বিকাদেৱীৰ আদেশক্রমে ‘হস্তীবিদ্যার্ণৱ সাৰ সংগ্ৰহ’ নামৰ সচিত্র পুথিখন ৰচনা কৰে। অসমীয়া জাতিৰ এক অমূল্য সম্পদ স্বৰূপ হস্তীবিদ্যার্ণৱ পুথিখনি গদ্যত ৰচিত। পুথিখনিৰ ৰচনাশৈলী উচ্চ গুণ সম্পন্ন। এই গ্ৰন্থৰ পুথিৰ ভাষা গদ্য। প্ৰশস্তি অংশৰ ভাষা সংস্কৃতগন্ধী। উদাহৰণস্বৰূপে- “ইন্দ্ৰ বংশ সৰোবৰৰ পদ্মপুষ্পৰ তুল্য হৈছে যি মহাৰাজা নীতিবিদ্যাৰো আনন্দিত হুই বৃহস্পতিক উপালম্ভ কৰিছে যি মহাৰাজা, আৰু গম্ভীৰ ধীৰ ধাৰ্মিকসকলৰ মধ্যত শ্ৰেষ্ঠতৰ সৌমাৰ পীঠৰ ঈশ্বৰ শ্ৰী যুক্ত শ্ৰীমন্ত শিৱসিংহ যি মহাৰাজা, আপোনাৰ স্বন্দৰ বিলাস বিদগ্ধতা ভাৱেৰে পৃথিৱীত সকলো সুন্দৰীগনৰ গৰ্ববক চুৰ কৰিছে যি মহাদেৱীয়ে, সেই কাৰণে অতিশয় বিৰাজমান হৈছে যি শ্ৰী শ্ৰী অম্বিকানাম মহাদেৱী, সেই দুজনাৰ আজ্ঞাৰত্ন মালাক শিৰত ধৰি সুকুমাৰ বৰকাথে এই হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ কৰি ৰচিল"। ইয়াৰ উপৰিও দেখা যায় মূলত সংস্কৃত পুথিক অনুকৰণ কৰা হেতুকে ভাষা সংস্কৃতগন্ধী আনহাতে দাঁতি কাষৰীয়া অঞ্চল সমূহৰ পৰা আহৰণ কৰা পুথিৰ জ্ঞানে সৰল অসমীয়া ভাষাৰ নিদৰ্শন দাঙি ধৰিছে। উদাহৰণ স্বৰূপে-“পাতালৰ জাতে যি হাতী আহিছে, তাৰ মুখৰূপ দেখি, গা ৰাতুল চন্দনৰ বৰ্ণনা হেন দেখি, নেজ মাটি লুটি যাই, মূৰ জোকাৰি থাকে, পানী পৰুৱাৰ বুলন যেন বুলন খৰ। আৰে টিপৰ কথা। বহুত বহুনাত বহিব, কলাফুলেৰে চেপি ডাবি ধৰি অলপ কৰি আঙ্গুলী কাণত লগাব। আকুহি থিয় কৰি যাব। পাচ মাউতে ডাবি মাৰিব, তে মূৰ দাঙ্গি যাব"। এনেদৰে বিশ্লেষন কৰি চালে দেখা যায় যে হস্তিবিদ্যাৰ্ণৱ পুথিৰ ভাষা এফালে সংস্কৃতগন্ধী আৰু গভীৰ, যদিও আনহাতে সহজ সৰল।অসমীয়া মানুহে বুজিব পৰাকৈ বাক্যৰ গাঁথনি তেনেই সৰল। মুঠতে হস্তিবিদ্যাৰ্ণৱ পুথিৰ গদ্যই পুথিখনৰ মৰ্যাদা বহুগুণে বৃদ্ধি কৰিছে ।
Log in to join the discussion.