Posted by bulmoni • 7 days ago
'ঈশ্ৱৰৰ পাচতে পিতৃ-মাতৃ আমাৰ মাননীয়' - কথাষাৰ বুজাই লিখা ?
Discussions (1)
bulmoni
·
7 days ago
আমাৰ এই সমাজত এজনে আনজনৰ প্ৰতি দেখুওৱা আদৰ বা শ্ৰদ্ধাই হৈছে সন্মান। কোনো এজন লোকে তেওঁৰ নিজৰ গুণ, পদমযাৰ্দা আদিৰ ভিক্তিত সমাজ এখনত সন্মান লাভ। আমাৰ পাঠ্য়পুথিত অন্তৰ্গত সন্মান পাঠটিৰ প্ৰকৃত সন্মানৰ ৰাত্ৰ কোন, কাক আমি সন্মান প্ৰদান কৰিব লাগে আৰু কেনেকৈ সন্মান কৰিব লাগে সেই কথাৰ বিষয়ে এটি আভাস দিয়াৰ বাবে যত্ন কৰা হৈছে। সন্মান পাঠটিত লিখকে সকলোকে পোন প্ৰথমে ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তি ৰাখিবলৈ অনুৰোধ কৰিছে। ইয়াত কোৱা হৈছে যে আমি এই পৃথিৱী মনত পোহৰ দেখাৰ মূলতে যি কাৰণ, সেই কাৰণৰ নাম হৈছে ঈশ্ৱৰ। তেওঁ এই বিশ্ৱব্ৰহ্মাণ্ডখনৰ সৃষ্টিকৰ্তা । তেওঁ সকলোৰে আদি, কিন্তু তেওঁৰ কোনো আদি-অন্ত নাই। তেওঁ সকলোকে সৃষ্টিকৰ্তা আৰু পালনকৰ্তা । গতিকে আমি সকলোৱে ঈশ্বৰক শ্ৰদ্ধা ভক্তি কৰিব লাগে। ঈশ্বৰৰ পিছতে দ্ৱিতীয় শ্ৰেষ্ঠজন হৈছে আমাৰ পিতৃ-মাতৃ । কাৰণ তেওঁলোকে আমাক জন্ম দিছে, লালন-পালন কৰি ডাঙৰ-দীঘল কৰিছে, জ্ঞান-বিদ্যা শিক্ষা আদি দি এজন ভাল মানুহ কৰি তুলিবলৈ যত্ন কৰিছে । আমাৰ দুখত দুখী আৰু সুখত সুখী হ'বলৈ পিতৃ-মাতৃ অহৰহ সাজু হৈ থাকে সদাই । আমাৰ প্ৰতিটো সুনামে তেওঁলোকক নতুন জীৱন দিয়ে আৰু দুযৰ্শে তেওঁলোকক মনোকষ্ট দিয়ে । তেওঁলোকে আমাৰ বাবে বহুত দুখ-কষ্ট সহিও আমাক জীৱন যাত্ৰাৰ সফল সৈনিক ৰূপে গঢ়ি তুলিবলৈ চেষ্টা কৰে আৰু তেওঁলোকৰ সেই কষ্টৰ বাবে আজি তেওঁলোক আমাৰ সকলোতকৈ মান্য় বা সন্মানীয় ।
Log in
to join the discussion.