Posted by hirak • 7 days ago

জিকিৰৰ বিষয়ে এটি টোকা লিখা।

Discussions (1)
hirak · 7 days ago
জিকিৰসমূহ সাৱলীল অসমীয়া ভাষাত ৰচিত ইছলাম ধৰ্মৰ তত্ত্ব, আদৰ্শ আৰু আচাৰ- নীতিৰ মৌলিক ভাৱ-চিন্তা প্ৰকাশক কিছু সংখ্যক ভক্তিমূলক গীত। অসমীয়া থলুৱা ভাষাৰ লগতে আৰবী-পাৰ্ছী মূলৰ শব্দও জিকিৰত অন্তৰ্ভুক্ত হৈছে। আজান পীৰে এই জিকিৰসমূহ ৰচনা কৰিছিল বুলি জনা যায়। জিকিৰ শব্দটো আৰবী "জিকৰ" শব্দৰ অসমীয়া ৰূপ। ইয়াৰ অৰ্থ হ'ল "ঘনে ঘনে উচ্চাৰণ কৰা"। যিবোৰ গীতত সঘনে পৰম কৰুণাময় আল্লাৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি তেওঁক উপাসনা কৰাৰ বিধানসমূহৰ লগতে ইছলাম ধৰ্মৰ মৌলিক নীতিসমূহো প্ৰকাশ কৰা হৈছে - তাকে জিকিৰ বোলে। জিকিৰসমূহত ইছলাম ধৰ্মৰ মূল ভাৱাদৰ্শ, কলিমাৰ মহত্ত্ব, ইহকাল আৰু পৰকালৰ কৰণীয় কৰ্তব্য়, মানৱ জীৱনৰ ক্ষণস্থায়িত্ব ব্যৱহাৰিক জীৱনৰ নানান উপাদেয় কথা ইত্যাদি প্ৰকাশ কৰা হৈছে।
Log in to join the discussion.