Posted by bulmoni • 2 days ago

কাঠমিস্ত্ৰীকে ধৰি শ্ৰমজীৱীসকলে কেনেদৰে নিজৰ অধিকাৰ সাব্যস্ত কৰিব লাগিব বুলি কবিতাটিত কোৱা হৈছে?

Discussions (1)
bulmoni · 2 days ago
কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তই কাঠমিস্ত্ৰীৰ ঘৰ কবিতাৰ যোগেদি কাঠমিস্ত্ৰীসকলক নিজৰ আত্মসন্মান ন্যার্য প্ৰাপ্তি আৰু অধিকাৰৰ বাবে নিজ বাহু বলেৰে অধিকাৰ সাব্যস্ত কৰিবলৈ জাগি উঠিবৰ বাবে বৈপ্লৱিক আহবান জনাইছে। কাঠমিস্ত্রীয়ে নিজৰ শৰীৰৰ তেজ পানী কৰি অভিজাত শ্ৰেণীটোৰ বাবে বিলাসী প্রাসাদ অট্টালিকা আৰু সুন্দৰ সুন্দৰ আচবাব পত্র সাজি দিয়ে। কিন্তু তেওঁলোকে নিজৰ ন্যার্য প্রাপ্য নাপায়। তেওঁলোকৰ জীৱন দৰিদ্ৰতাত ডুৱ গৈ থাকে। সেয়ে কবিয়ে কাঠমিস্ত্রী, কঁহাৰ, কমাৰসকলক সচেতন হ’বলৈ আহ্বান জনাইছে। কবিয়ে আশাবাদ পোষণ কৰিছে যে যদি তেওঁলোক সচেতন হৈ বিপ্লৱ আৰম্ভ কৰে, তেন্তে নিশ্চয় তেওঁলোকৰ অৱস্থাৰ পৰিৱৰ্তন হ’ব। তেওঁলোকে বিপ্লৱৰ বিনিময়ত নিজৰ ন্যার্য অধিকাৰ সাব্যস্ত কৰিব পাৰিব।
Log in to join the discussion.