Posted by bulmoni • 2 days ago
কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ জীৱন আৰু কৰ্মৰ চমু পৰিচয় দিয়া।
Discussions (1)
bulmoni
·
2 days ago
কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ জন্ম হয় গোলাঘাটৰ কৰুণাটিং বাগিচাত ১৯১০ চনত। তেওঁৰ দেউতাকৰ নাম আছিল ডাঃ শৰৎ চন্দ্ৰ দত্ত আৰু মাকৰ নাম নয়নতৰা। বৰ্তমান বাংলাদেশৰ ঢাকাৰ ওচৰৰ বিক্ৰমপুৰত দেউতাকৰ ঘৰ আছিল। তাৰ পৰা আহি তেওঁ গোলাঘাটত নিগাজিকৈ থাকিবলৈ লয়। সৰুতে দেউতাকক হেৰুৱাই তেওঁ ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোতেই আনুষ্ঠানিক শিক্ষা সাং কৰে আৰু ঘৰতে পঢ়িবলৈ লয়। ১৯২৮চনত তেওঁ দেশ আৰু জাতিৰ হকে স্বাধীনতা আন্দোলনত যোগদান কৰে। তাৰবাবে দুবছৰ জেলো খাটিবলগীয়া হয়। দহবছৰমান আন্দোলনৰ কামত লগাৰ পাছত তেওঁ জীৱনৰ শেষ সময়লৈকে সাম্যবাদী আদৰ্শ অনুসৰি আপোচহীনভাবে কৃষক তথা বনুৱাৰ স্বাৰ্থৰ হকে কাম কৰি যায়। ১৯৩৬ চনত তেওঁৰ কাব্য সংকলন 'অভিযান' প্ৰকাশ পায়। ১৯৭২ চনৰ ২২ অক্টোবৰত যোৰহাট অসামৰিক চিকিৎসালয়ত ৰক্তক্ষয় ৰোগত তেখেতৰ মৃত্যু হয়।
Log in
to join the discussion.