Posted by bulmoni • 7 days ago

কবিতাটোৰ মূল কথাখিনি নিজৰ ভাষাত লিখা

Discussions (1)
bulmoni · 7 days ago
কবি আনন্দচন্দ্ৰ আগৰৱালা দেৱে সুখ নামৰ কবিতাটোত এই পৃথিৱীত জীৱশ্ৰেষ্ঠ মানুহে কেনেদৰে সুখ সুখ বুলি হাবাথুৰি খাই ফুৰে অথচ সুখৰ মুখ দেখা নাপাই সেই কথাটোকে প্ৰতিফলিত কৰি তুলিছে । মানুহে সুখ সুখ বুলি গোটেই জীৱনটো সুখৰেই সন্ধানত বলিয়াৰ দৰে ব্যস্ত থাকে। কিন্তু হাতৰ মুঠিতেই থকা সুখৰ সন্ধান উলিওৱাত তেওঁলোক ব্যৰ্থ হয়। সেইবাবে কবিয়ে কৈছে যে যিসকলে নিজৰ ন্যস্ত স্বাৰ্থক বলিদান দি আনৰ হকে চিন্তা কৰিব পাৰে তেওঁলোকৰ পিছে পিছে সুখ ঘূৰি ফুৰে। তেনেলোকৰ বাবে এই পৃথিৱী হৈছে পৰম সুখৰ ঠাই। যিসকল লোকে আনৰ সুখত সুখী হ'ব পাৰে, আনৰ হাঁহিত নিজকে বিলীন কৰি দিব পাৰে তেনে লোকে সদায় সুখী হ'ব পাৰে। আনকি আনৰ দুখত কান্দিব জনা মানুহে কান্দোনতো সুখ বিচাৰি পায় বুলি কবিয়ে কৈছে। কবিয়ে কৈছে যে এই পৃথিৱীত বাস কৰা সকলো মানুহেই আমাৰ আপোন, সকলো নৰ-নাৰীয়েই এজন পৰম পিতাৰেই সন্তান বুলি কবিয়ে কৈছে। সেইবাবে কবিয়ে গাই-গোটা পেটে ভঁৰাল অৰ্থাত কেৱল নিজৰ পেটটোৰ চিন্তা নকৰি লোকৰ দুখলৈ মন দিব কৈছে। মানুহৰ সেৱা আৰু মানুহৰ পূজাক মুখ্য ব্ৰত হিচাপে গ্ৰহণ কৰিলে আমি সুখী হ'ব পাৰিম বুলি কবিয়ে কৈছে। কবিতাটোৰ জৰিয়তে কবিয়ে পুনৰ কৈছে যে মই মই বুলি কেৱল আমি মোহ-মায়াৰ জালত বন্দী হৈ থাকিব নালাগে। এই মই, মই বা সকলোখিনি কেৱল মোৰ এনে ধৰণৰ মনোভাৱে মানুহক তললৈ হে নিয়ে। সেইবাবে আমি মনটোক থিৰ কৰি ৰাখি ত্যাগৰ যোগেদি সন্তোষ লাভ কৰিবলৈ শিকিব লাগে। সুখ আৰু দুখৰ একমাত্ৰ কাৰণ হৈছে আমাৰ মনটো, সেইবাবে যিমান পাৰো আমি মনক নিয়ন্ত্ৰণ কৰিবলৈ শিকিব লাগে। স্বাৰ্থৰ বাটত কেৱল দুখৰ কাঁইট আৰু স্থূল পোতা থাকে বুলি কবিয়ে কৈছে তাৰ বিপৰীতে নিঃস্বার্থৰ বাট হৈছে সেন্দুৰীয়া আলি আৰু এই বাটত কুসুম ফুলে। সেইবাবে আমি যিমান পাৰো নিঃস্বাৰ্থভাৱে লোকৰ হিত সাধনত মন দিব লাগে। এই পৃথিৱীৰ সকলো মানুহকেই আমি নিজৰ ভাই-ভনী বুলি নিঃস্বাৰ্থ মৰম যাচিব পাৰিলে এই বিশ্ব প্ৰেম তথা সুখেৰে পৰিপূৰ্ণ হৈ পৰিব বুলি কবিয়ে কবিতাটোত উল্লেখ কৰিছে । এয়েই কবিতাটোৰ মূলভাব ।
Log in to join the discussion.