Posted by bulmoni • 2 days ago

কবিয়ে নতুন দিনত তেওঁৰ একো চিন নাথাকিব বুলি কিয় ভাবিছে, বুজাই লিখা।

Discussions (1)
bulmoni · 2 days ago
মানুহ মৰণশীল। মানুহ এজনৰ মৃত্যুৰ লগে লগে সকলো শেষ হৈ যায়। কবিয়ে উপলব্ধি কৰিছে যে যিহেতু এই পৃথিৱীখনত কোনো মানুহেই বাৰে বাৰে উভতি নাহে, গতিকে ভৱিষ্যতে যিসকল এই পৃথিৱীলৈ আহিব তেওঁলোকে সম্পূৰ্ণ নতুন ভাৱেৰে, নতুন দিনত নিজ নিজ জীৱন গঢ় দিব। ইতিমধ্যে আতৰি যোৱা কবিৰ জীৱনৰ লগত নতুন প্ৰজন্মৰ কোনো চিনাকি আৰু সম্পৰ্ক নাথাকিব। কবিৰ চিন্তা-চৰ্চা, ধ্যান-ধাৰণা আদি সকলোবোৰ নতুন মানুহৰ ওচৰত তেনেই অপৰিচিত আৰু অপ্ৰাসংগিক হৈ পৰিব । অৰ্থাৎ পুৰণি যুগৰ কোনো চিন নতুন যুগত নাথাকিব।
Log in to join the discussion.