Posted by bulmoni • 7 days ago
খ) গাই- গোটা পেটে ভঁৰাল নহবা লোকৰ দুখলৈ চোৱা, মানুহৰ সেৱা মানুহৰ পূজা পৱিত্ৰ বৰত লোৱা।
Discussions (1)
bulmoni
·
7 days ago
উক্ত কথাফাঁকি আমাৰ পাঠ্যপুথি 'সাহিত্য চয়নিকা' (নতুন)ৰ অন্তৰ্গত আনন্দ চন্দ্ৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত 'সুখ' নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। মানুহ যে স্বাৰ্থপৰ হ'ব নালাগে সেই প্ৰসংগতে উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰা হৈছে। কবিয়ে মানুহক গাই-গোটা পেটে ভঁৰাল অৰ্থাৎ স্বাৰ্থপৰ নহৈ দেশ তথা দহৰ হিতাৰ্থে চিন্তা কৰিবলৈ কৈছে। মানুহে সকলো সময়তে কেৱল নিজৰ কথা নাভাবি লোকৰ সুখ-দুখলৈও ধ্যান দিয়া উচিত। লোকৰ দুখ বুজি সাধ্যনুসাৰে সহায় কৰিবলৈ প্ৰয়াস কৰা উচিত। কেৱল নিজৰ পেটটো কেনেদৰে ভৰাই ৰাখিব পাৰি তাৰে চিন্তা নকৰি আনৰ অৱস্থাৰ কথা ভাবিবলৈও আমি যত্ন কৰিব লাগে। মানৱ পূজনৰ দৰে পূণ্যৰ কাম আন একো নাই। গতিকে আমি এনে পৱিত্ৰ কামৰ দ্বাৰা বৰ লাভ কৰিব পাৰো বুলি কবিয়ে কবিতাফাঁকিৰ জৰিয়তে উল্লেখ কৰিছে।
Log in
to join the discussion.