Posted by bulmoni • 7 days ago

খ) মানুহে দেখা ঘৃণনীয় সত্যৰ আঁৰতো হয়তো কেতিয়াবা লুকাই থাকে আন কিছুমান কৰুণ সত্য ।

Discussions (1)
bulmoni · 7 days ago
বাক্যফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ড॰ মৃণাল কলিতা দেৱৰ দ্বাৰা ৰচিত ‘যুঁজ’ নামৰ চুটিগল্পটিৰ পৰা তুলি দিয়া হৈছে ।
কেতিয়াবা দেখা পোৱা সত্য ঘটনাবোৰৰ আঁৰত কিছুমান কৰুণ কাহিনী লুকাই থকা দেখা পোৱাৰ প্ৰসংগতে লিখকে উক্ত কথাষাৰি অৱতাৰণা কৰিছে ।
সিদ্ধাৰ্থ এজন সংবেদনশীল ল’ৰা । সিও লগৰ ল’ৰাৰ লগত হাঁহি – ধেমালি কৰি খেলিছিল । কিন্তু কেইমাহমানৰ পৰা সি গহীন, খিংখিঙীয়া আৰু বেপৰোৱা হৈ পৰিছে । বন্ধুসকলৰ পৰা আঁতৰি শ্ৰেণীত পিছফালে বহিবলৈ লৈছে, শিক্ষকে কৰিব দিয়া ঘৰৰ কাম প্ৰায়েই নকৰে, আনকি মাজে মাজে স্কুলো খতি কৰিবলৈ লৈছে । এদিন স্কুলত লগৰ ল’ৰাৰ বেগৰ পৰা পইচা চুৰ কৰিলে আৰু মাষ্টৰৰ মুখে মুখে কথা কৈ এসপ্তাহমান স্কুললৈও অহা নাছিল। সিদ্ধাৰ্থৰ এনে পৰিৱৰ্তন নিৰ্মলে সহজে মানি ল’ব পৰা নাছিল। সি ভাবিছিল যে কেতিয়াবা মানু্হে দেখা ঘৃণনীয় সত্যৰ আঁৰতো লুকাই থাকে আন কিছুমান কৰুণ সত্য । আৰু সেইবোৰ সি বিচাৰি উলিয়াবই ।
Log in to join the discussion.