Posted by bulmoni • 7 days ago

খ) সংস্কাৰ এক জীৱন পদ্ধতি।

Discussions (1)
bulmoni · 7 days ago
'সংস্কাৰ এক জীৱন পদ্ধতি'- উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত 'অন্ধবিশ্বাস আৰু কুসংস্কাৰ' নামৰ প্ৰৱন্ধটিৰ পৰা তুলি দিয়া হৈছে। লিখক জয়ন্ত মাধৱ বৰা। যিবোৰ নীতি-নিয়ম, ব্যৱস্থা, পৰম্পৰা এখন সুস্থ সমাজৰ পৰিপন্থী, সমাজৰ অগ্ৰগতিত গতিৰোধক হৈ থিয় দিয়ে সেই বোৰেই কুসংস্কাৰ। সংস্কাৰ এক জীৱন পদ্ধতি। কিন্তু সেই সংস্কাৰে যদি মানুহৰ সভ্যতাক নতুন নতুন চিন্তাৰে উজ্জীৱীত কৰি সময়ৰ লগত দৌৰাৰ পৰিৱৰ্তে স্থিতাৱস্থাক বাহাল ৰাখে, তেন্তে সেই সংস্কাৰ আদৰণীয় নহয়। কুসংস্কাৰে মানুহৰ চিন্তাক দিগন্তক প্ৰসাৰিত নকৰে।
Log in to join the discussion.