Posted by bulmoni • 7 days ago

কি কি কাৰণত অন্ধবিশ্বাস, কুসংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হয়?

Discussions (1)
bulmoni · 7 days ago
অন্ধবিশ্বাস, কুসংস্কাৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হোৱাৰ কাৰণসমূহ হ'ল -
  1. জ্ঞানৰ অভাৱৰ বাবেই মানুহ কুসংস্কাৰ, অন্ধবিশ্বাসৰ দ্বাৰা প্ৰভাৱিত হয়।
  2. মানুহৰ নেতিবাচক দৃষ্টিভংগীৰ বাবে আৰু ভোগসৰ্বস্ব, অধ্যয়নবিমুখ চৰিত্ৰৰ বাবেও অন্ধবিশ্বাস, কুসংস্কাৰ আদিৰ দ্বাৰা প্ৰভাৱিত হয়। ৩)নেতৃত্বস্থানীয় লোকে স্বাৰ্থ সিদ্ধিৰ বাবে সমাজৰ ক্ষতিকাৰক কাম কৰিবলৈও কুন্ঠাবোধ নকৰাৰ ফলতো এচাম লোকে বিভিন্ন অন্ধবিশ্বাস, কুসংস্কাৰ দ্বাৰা প্ৰভাৱিত হৈ আহিছে।
  3. ভ্ৰমণে মনৰ পৰিধি বহল কৰে। ভিতৰুৱা যোগাযোগ ব্যৱস্থাৰ সুবিধা নথকা অঞ্চলৰ বহু লোকে মনৰ ভাৱ বাহিৰৰ অঞ্চলৰ লোকৰ সৈতে বিনিময় কৰাৰ সুবিধা নাপায়। বিনিময় যদি নহয়েই, মনৰ দিগন্ত প্ৰসাৰিত হব কেনেকৈ? জনসাধাৰণৰ অন্ধবিশ্বাসী হোৱাৰ, কু-সংস্কাৰ সাৱটি থকাৰ ইও এটা কাৰণ।
  4. সহজতে সকলো পোৱাৰ মনোবৃত্তিৰ বাবেও মানুহ অন্ধবিশ্বাসী হয়। কষ্ট নকৰাকৈ কম আয়াসতে মানুহক সকলো লাগে।
  5. বিজ্ঞান সন্মত মানসিকতাৰ অভাৱৰ বাবেও মানুহ অন্ধবিশ্বাস, কুসংস্কাৰ আদিৰ দ্বাৰা প্ৰভাৱিত হয়।
Log in to join the discussion.