Posted by bulmoni • 7 days ago
কন্যা সন্তান সুৰক্ষাৰ বাবে শ্যাম সুন্দৰ পালিৱালে কেনেধৰণৰ আঁচনি লৈছিল?
Discussions (1)
bulmoni
·
7 days ago
কন্যা সন্তান সুৰক্ষাৰ বাবে শ্যাম সুন্দৰ পালিৱালে গাঁওখনত ছোৱালী সন্তান জন্ম হ'লে ছোৱালী জনীৰ নামত ১১১ টা গছপুলি ৰোপণ কৰাটো বাধ্যতামূলক কৰে। তেওঁ নিয়ম কৰি দিছিল - গাঁৱৰ কোনো লোকে কন্যা সন্তান হত্যা কৰিব নোৱাৰিব। দ্বিতীয়তে, ছোৱালী জনীক যেনেদৰে আলফুলে ডাঙৰ দীঘল কৰা হ'ব, সেই একেই মৰম চেনেহ আৰু যত্নৰে ১১১ টা গছপুলিকো প্ৰতিপালন কৰিব লাগিব । তৃতীয়তে, কোনো ছোৱালীক শিক্ষাৰ পৰা বঞ্চিত কৰিব নোৱাৰিব। চতুৰ্থতে, কোনো পৰিস্থিতিতে ছোৱালীৰ বাল্যবিবাহ সম্পন্ন কৰিব নোৱাৰিব। পঞ্চমতে, ছোৱালীৰ নামত বেংকত থোৱা ৩১,০০০ টকা ছোৱালীৰ পঢ়া বা বিয়াৰ কামতহে খৰছ কৰিব পাৰিব। শেষত, ছোৱালীৰ জন্ম সময়ত ৰোৱা গছপুলিবোৰ গাঁৱৰ সম্পত্তি হ'ব। এখন ষ্টাম্প পেপাৰত এই নিয়মৰ চুক্তিৰ স্বাক্ষৰ কৰি প্ৰতিশ্ৰুতি দিবলগীয়া হয় গাঁৱৰ ৰাইজে।
Log in
to join the discussion.