Posted by bulmoni • 2 days ago

`কৰুণতম’ কবিতাত প্ৰকাৰান্তৰে গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱনৰ সংঘাতৰ চিএ আংকন হোৱা বুলি ক’ব পাৰি নেকি বিচাৰ কৰা ৷

Discussions (1)
bulmoni · 2 days ago
ড° নিৰ্মলপ্ৰভা বৰদলৈৰ `কৰুণতম ‘ কবিতাটোৰ বিষয়বস্তুক গভীৰভাৱে অধ্যয়ন কৰিলে প্ৰকাৰান্তৰে গ্ৰাম্য জীৱন আৰু নগৰীয়া জীবনৰ সংঘাতৰ চিত্ৰ এখন অংকিত হোৱা বুলি ক’ব পৰা যায়
কবিতাটোত ঐতিহ্য সচেতন কবিয়ে আহিনৰ পথাৰৰ গোন্ধ আৰু দোকানৰ জাপ ভঙা গামোচাৰ সুবাসৰ লগত পিতৃ-মাতৃৰ স্মৃতি জড়িত কৰি গ্ৰাম্য সমাজ-সংস্কৃতিৰ এখনি আকৰ্ষনীয় চিএ অংকন কৰিছে । গ্ৰাম্য জীৱনৰ সৈতে কৃষি কৰ্ম-সংস্কৃতি জড়িত হৈ থাকে । আহিনৰ পথাৰ মানেই সেউজীয়া সজাল ধৰা ধননিৰ লয়লাস । তাৰ মাজে মাজে সহজ সৰল কৃষকৰ কৰ্মব্যস্ততা । সেই আহিনৰ সেউজীয়া পথাৰৰ গোন্ধ পালেই কবিৰ হেঁপাহৰ পিতৃলৈ মনত পৰে গাঁৱলীয়া হোজা কৃষকসকললৈ । সেইদৰে দোকানৰ জাপ-ভঙা গামোচাৰ সুৱাসে কবিৰ মনত মৰমী মাতৃৰ স্মৃতি সজীৱ কৰি তোলে । কাৰণ গামোচাত ৰং-বিৰঙৰ সপোনৰ ফুল বাচি মাতৃয়ে শিল্প –নিপুণতাৰ পৰিচয় দিছিল । পিতৃ-মাতৃৰ সেই মহৎ কৰ্ম সাধনাক লৈ কবি পৰম গৌৰৱান্বিত কিন্তু সময়ৰ পৰিবৰ্তন হৈছে । আধুনিকতাৰ পাকচক্ৰত আহিনৰ সেউজীয়া পথাৰ, শিপিনীসকলৰ তাঁতশালৰ ঐতিহ্য ক্ৰমে যেন হেৰাই যাৱলৈ ধৰিছে । সেয়ে কবিয়ে পিতৃ-মাতৃৰ অতীতৰ গাম্ভীৰ্যপূৰ্ণ স্মৃতিৰ সমধৰ্মী হিচাপে ভৱিষ্যতে সন্তানৰ মনত নিজকে স্থাপন কৰিবলৈ অসমৰ্থ হ’ব বুলি আশংকা প্ৰকাশ কৰিছে । ইয়াতেই প্ৰকাৰান্তৰে গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱনৰ মাজত সংঘাতৰ সৃষ্টি হৈছে । কবিয়ে যিদৰে এফালে আহিনৰ পথাৰৰ গোন্ধ আৰু দোকানৰ জাপ-ভঙা গামোচাৰ সুৱাসৰ কথা লৈ গ্ৰাম্য জীৱনৰ গুণ-গৰিমা আৰু অকৃত্ৰিমতাৰ এখন সাৰ্থক চিত্ৰ ৰুপায়ন কৰিছে , সেইদৰে ভৱিষ্যত প্ৰজন্মলৈ কবিয়ে একো স্থিতি এৰি যাব নোৱাৰিব বুলি আক্ষেপ প্ৰকাশ কৰি আধুনিক নগৰীয়া সভ্য সমাজৰ এখন নিজস্বতাহীন , নিস্তেজ আৰু শূন্যতাৰে ভৰা ছবি আংকন কৰিছে ।
Log in to join the discussion.