Posted by hirak • 7 days ago
"ক’ত অত বল পালে অসমৰ সেনানীয়ে শুকান সান্দহ আৰু পানী আঁজলিত। ” – কথাষাৰৰ তাৎপর্য ব্যাখ্যা কৰা।
Discussions (1)
hirak
·
7 days ago
প্ৰবল প্ৰতাপী মোগলে অসম জয় কৰিবলৈ মন মেলি সপ্তদশ শতিকাত অসমলৈ আহিছিল। অসমখন দুৰ্বল জাতিৰ দেশ বুলি মনতে ভাবি অনায়াসে বিজয়ৰ গৌৰৱ লাভ কৰিবলৈ প্ৰস্তুত আছিল। আহোমসকলে সেই সময়ত আকৌ অসমত ৰাজত্ব কৰিছিল। অসমখন মোগলৰ হাতলৈ অহাৰ আগতে আহোমসকলে ৰণকৌশল তৈয়াৰ কৰিছিল। আকৌ সেই সময়ত অসমৰ পুৰুষ-নাৰী সকলো ওলাই আহিছিল শত্ৰুসৈন্যক ভেটিবলৈ। ৰণচণ্ডী মূৰ্তিৰে যুজঁ আৰম্ভ সৈন্যবিলাকক দেখি মোগলসকল স্তম্ভিত হ'ল। অসমৰ লোক সকল অতিথিপৰায়ণ, সহজ-সৰল আৰু কৃষিজীৱী বুলি সকলোৱে জানিছিল। তেওঁলোকৰ ধানৰ পৰা উৎপাদিত সামগ্ৰী খায়েই মোগলসকলে পেট প্ৰৱৰ্তাইছিলে বুলি তেওঁলোকৰ মনত এটা ধাৰণা হৈছিল। মোগলসকলে কেতিয়াও কল্পনা কৰিব পৰা নাছিল যে গৰম পানীৰে সান্দহ গুড়ি খায় জীয়াই থকা মানুহ ইমান বলবন্ত হ'ব পাৰে বুলি। বীৰদৰ্পে যুঁজা অসমৰ সৈন্যৰ সন্মুখত মোগলৰ বীৰত্ব ম্লান পৰিল। দৰাচলতে মানসিক শক্তিয়ে বলীৱান হৈ অসমৰ সৈন্যদলে লাভ কৰিলে দুগুণ শাৰীৰিক শক্তি।
Log in
to join the discussion.