Posted by bulmoni • 2 days ago

কথাছবি নির্মাতা হিচাপে জ্যোতিপ্ৰসাদৰ এটি চমু পৰিচয় লিখা।

Discussions (1)
bulmoni · 2 days ago
অসমীয়া কথাছবিৰ জনক হৈছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা।তেওঁ প্ৰথমে জার্মানীলৈ গৈ কথাছবি পৰিচালনা আৰু প্রযোজনা বিষয়ত প্রশিক্ষণ লয়।তেওঁ অসমলৈ উভতি আহি ১৯৩৫ চনত অসমৰ প্রথম বোলছবি ‘জয়মতী’ নির্মাণ কৰে। ১৯৩৯ চনত তেওঁ অসমীয়া ভাষাৰ দ্বিতীয় বোলছবি 'ইন্দ্ৰমালতী’ নির্মাণ কৰে। তেওঁ ৰচনা কৰা নাটকবোৰ হ’ল শোণিতকুঁৱৰী, কাৰেঙৰ লিগিৰী, ৰূপালীম, লভিতা, খনিকৰ, নিমাতী কইনা, সোণ পখিলী, কনকলতা আৰু সুন্দৰ কোঁৱৰ। তেওঁৰ সাহিত্য কর্মৰ মাজেদি সুন্দৰৰ সাধনা কৰা বাবে অসমীয়া সাহিত্য-সংস্কৃতি জগতত তেওঁক ৰূপকোঁৱৰ বুলি অভিহিত কৰা হৈছে।
Log in to join the discussion.