Posted by bulmoni • 7 days ago
'লোকজীৱন তিনিটা ভাগত বিভক্ত' - লোকজীৱন কি কি তিনিটা ভাগত বিভক্ত ? প্ৰত্যেকটি ভাগৰে চমু আভাস দিয়া
Discussions (1)
bulmoni
·
7 days ago
লোকজীৱন সামাজিক আচাৰ-অনুষ্ঠান , ভৌতিক বা বস্তুসংস্কৃতি আৰু পৰিৱেশ্য কলা এই তিনিটা ভাগত বিভক্ত । ১। সামাজিক আচাৰ-অনুষ্ঠান: মৌখিক সাহিত্য আৰু ভৌতিক সংস্কৃতিৰ মাজতে পৰম্পৰাগত জীৱন। পৰম্পৰাগত জীৱন ভৌতিক সংস্কৃতি আৰু মৌখিক সাহিত্যৰ মাজৰ সংযোগ সেঁতু। সমাজ আৰু পৰিয়ালৰ মাজত অনুষ্ঠিত কৃষি বা খেতি-বাতি , জন্ম- বিবাহ মৃত্যু আদি বিষয়ক ৰীতি-নীতি, আচাৰ- ব্যৱস্থা-অনুষ্ঠান আদিয়েই সামাজিক আচাৰ-অনুষ্ঠান । এইবোৰ লোকবিশ্বাসৰ সৈতে প্ৰধানভাৱে জড়িত। সামাজিক আচাৰ-অনুষ্ঠান চাৰিটা ভাগত বিভক্ত - উৎসৱ-অনুষ্ঠান, অৱসৰ-বিনোদন আৰু খেল- ধেমালি, লোকধৰ্ম আৰু লোকঔষধ । ২। ভৌতিক বা বস্তু সংস্কৃতি: ভৌতিক বা বস্তুসংস্কৃতি হ'ল লোকসংস্কৃতিৰ দৃশ্যমান দিশ। জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সমল নিৰ্মান, নাইবা খোৱা-লোৱা বস্তু সামগ্ৰী আদিৰ ৰন্ধা-বঢ়া, প্ৰস্তুতি আদিয়েই ভৌতিকসংস্কৃতিৰ অধ্যয়নৰ সামগ্ৰী। ভৌতিক সংস্কৃতিৰ উপ-বিভাগকেইটা হৈছে - লোককলা, লোকশিল্প, লোক-স্থাপত্যকলা, লোক আভৰণ আৰু লোকৰন্ধন প্ৰণালী । ৩। লোক পৰিৱেশ্য কলা: লোক জীৱনৰ শেষভাগটো হৈছে一লোক পৰিৱেশ্য কলা । পৰম্পৰাগত গীত, নৃত্য-নাচ, নাট- আদিয়েই লোক পৰিৱেশ্য কলাৰ উপাদান। কোনো এটা সাধুকথা কোৱা বা লোকগীত গোৱাকে পৰিৱেশন কৰা বোলে । পৰিৱেশ্য কলাৰ পৰিসৰে নৃত্য গীত, নাট, বাদ্যযন্ত্ৰ আদিক সামৰে। লোকনাট হ'ল গীত আৰু নৃত্যৰ সমষ্টি । সংলাপৰ তুলনাত লোকনাটত গীত আৰু নৃত্যৰ গুৰুত্ব বেছি ।
Log in
to join the discussion.