Posted by bulmoni • 2 days ago
লক্ষ্মীনাথ বেজবৰুৱাৰ মতে বিদেশী নাটকৰ অসমীয়া অনুবাদ কেনে হোৱা উচিত বুজাই লিখা ৷
Discussions (1)
bulmoni
·
2 days ago
নাট মঞ্চায়নৰ ক্ষেত্ৰত মৌলিক নাটৰ অভিনয় সৰহ কৰিবলৈ পৰামৰ্শ দি বেজবৰুৱাই কৈছিল যে বিদেশী নাটক মঞ্চায়ন কৰাত তেওঁ বৰ সন্তোষ পালেও ঘোৰ বিৰোধী নহয় ৷ অৱশ্যে তেনে নাটকবোৰৰ অনুবাদ প্ৰকৃত অসমীয়া অনুবাদ হ’ব লাগে বুলি উল্লেখ কৰিছে ৷ ভাল বিদেশী নাটকৰ উৎকৃষ্ট ভাৱ সম্পদেৰে অসমীয়া সাহিত্যৰ সৌন্দৰ্য বঢ়োৱাটো অতি শোভন কথা বুলিও তেওঁ উল্লেখ কৰিছে ৷ কিন্তু সেয়া কৰিবলৈ যাওঁতে বাৰি বঙলুৱা অনুবাদ নকৰি আচল অসমীয়া অনুবাদ হোৱা উচিত বুলিও তেওঁ পৰামৰ্শ দিছে ৷
Log in
to join the discussion.