Posted by bulmoni • 2 days ago
মাধৱদেৱৰ 'উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটোৰ মূল কথাখিনি আলোচনা কৰা।
Discussions (1)
bulmoni
·
2 days ago
মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য হৈছে বাৎসল্য ভাৱৰ প্ৰকাশ। বৎস মানে হ'ল শিশু। ভগবান শ্ৰী কৃষ্ণৰ শিশু কালৰ নানান ক্ৰিয়া-কলাপৰ মনোমুগ্ধকৰ বৰ্ণনা মাধৱদেৱৰ বৰগীতত পোৱা যায় বাবেই তেওঁৰ বৰগীত সমূহক বাৎসল্য ভাৱ প্ৰধান বুলি কোৱা হয়। এই বৰগীতটিত মাতৃ যশোদাই কিদৰে পুত্ৰক মৰমৰে টোপনিৰ পৰা জগাইছে সেই কথা সৰল আৰু সুন্দৰ ৰূপত পৰিস্ফুট হৈছে।ৰাতিপুৱা হোৱাৰ পিছতো কৃষ্ণ টোপনিৰ পৰা নুঠাত যশোদাই বাপু, কমল-নয়ন, প্রাণধন আদি বুলি সম্বোধন কৰি টোপনিৰ পৰা জগাইছে। 'সব পুৰুষৰ শিৰৰ ভূষণ 'বুলি অৰ্থাৎ সকলো পুৰুষৰৰ শিৰৰ ভূষণ,সকলোৰে আৰাধ্য কৃষ্ণক বুকুত বান্ধি, কোলাত লৈ মাতৃ যশোদাই বাৰে বাৰে চুমা খাইছে। মাধৱদেৱে বৰগীতটিত মাতৃ যশোদা আৰু পুত্ৰ শ্ৰী কৃষ্ণৰ সম্পৰ্কৰ বৰ্ণনা কৰাৰ লগতে কৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্যৰ কথাও প্ৰকাশ কৰিছে। সিদ্ধ মুনি, ঋষিসকলে বহু ধ্যান, বহু সাধনাৰ পাছতো যিজন ভগৱান কৃষ্ণক বিচাৰি নাপায়, যশোদাই সেইজনকে পুত্ৰৰূপে লাভ কৰি কোলাত লৈ মৰম কৰিব পাৰিছে কেৱল পৰম ভক্তিৰ ফলত।ইয়াৰ মাধ্যমেৰে, কবিয়ে ভক্তিৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন সেইকথা স্পষ্ট ৰূপত প্ৰকাশ কৰিছে।লগতে, মাধৱদেৱে নিজকে 'মূৰুখ' অৰ্থাৎ মূর্খ বুলি উল্লেখ কৰি ত্রিজগতৰ পতিৰ এই লীলাৰ বিষয়ে বৰ্ণনা কৰিছে এনেদৰে -
ত্ৰিজগতৰ পতি ভকতি মিলিল মূৰুখ মাধৱে বোলে।।
Log in
to join the discussion.