Posted by bulmoni • 7 days ago
মাক যশোদাই কানাইক লগ পাই কি কি কথা কৈছিল আৰু কিদৰে চেনেহ প্ৰকাশ কৰিছিল ?
Discussions (1)
bulmoni
·
7 days ago
মাক যশোদাই কৃষ্ণক লগ পাই কৈছিল যে এই বান্দী সকলৰ ঠাইলৈ আৰু নাহিবা, আমাৰ ঘৰত দৈ, গাখীৰ লৱণুৰ কথা সোধোতা কোন ? যিমান খাব পৰা সিমান মই দিম । তোমাৰ পদধূলা মূৰত লওঁ, তুমি আমাৰ কোটি কোটি পুৰুষৰ পৰম দেৱতা, মূৰৰ মুকুট, গলৰ সাতসৰী, বুকুৰ শীতল চন্দন । এইবুলি যশোদাই কৃষ্ণৰ গাৰ ধূলা জোকাৰি, বুকুত বান্ধি কোলাত লৈ চুমা দিলে আৰু পৰম আনন্দেৰে ঘৰলৈ আনি শীতল জলেৰে স্নান কৰাই, পঞ্চামৃত ভোজন কৰালে আৰু দিব্য বস্ত্ৰ, অলংকাৰেৰে ভূষিত কৰাই কৃষ্ণৰ সৌন্দৰ্য চাই চাই পৰম সন্তোষ লভিলে ।
Log in
to join the discussion.