Posted by bulmoni • 7 days ago

মানৱ বন্দনা কবিতাটিৰ সাৰাংশ তোমাৰ নিজৰ কথাৰে বিৱৰি লিখা।

Discussions (1)
bulmoni · 7 days ago
প্ৰতিমা খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱে মানৱ বন্দনা কবিতাটিত মানৱৰ জয়গান গাইছে। কবিয়ে কৈছে যে মানৱে বাৰে বাৰে জন্ম লৈ এই পৃথিৱীলৈ ঘূৰি আহে। মানুহৰ আগমন আৰু গমন এক চিৰন্তন প্ৰক্ৰিয়া। মানুহৰ যেন এই পৃথিৱীখনৰ মায়াত বন্দী এক জীৱ। সেয়েহে কবিয়ে এই মানৱী জীৱনটো মানুহৰ কল্যাণৰ হকে উৎসৰ্গা কৰিবলে কৈছে। কাৰণ মানুহে মানুহৰ অবিহনে জীয়াই থাকিব নোবাৰে। মানুহেই মানুহৰ পৰম বন্ধু। এতেকে মানুহৰ কল্যাণ সাধন কৰাটোহে হৈছে প্ৰকৃত ধৰ্ম। জীৱশ্ৰেষ্ঠ মানৱে নিজৰ মানৱীয় কৰ্মৰাজিৰে এই পৃথিৱীখনক স্বৰ্গতকৈও অধিক সুন্দৰ কৰি তোলাটো কবিয়ে কামনা কৰিছে । কবিৰ মতে মানুহ নৰৰুপী ভগৱান । এই নৰৰুপী ভগৱানৰ সেৱা কৰা মানুহৰ প্ৰথম কৰ্তব্য। সেয়েহে কবিয়ে পাদ্য- অৰ্ঘ্য লৈ মানুহক পূজা কৰিবলৈ কৈছে।
Log in to join the discussion.