Posted by bulmoni • 7 days ago

মানুহেই দেৱ মানুহেই সেৱ মানুহ বিনে নাই কেৱ, কৰা কৰা পূজা পাদ্য অৰ্ঘ্য লই জয় জয় জয় মানৱ দেৱ।

Discussions (1)
bulmoni · 7 days ago
মানুহেই দেৱ মানুহেই সেৱ
মানুহ বিনে নাই কেৱ কৰা কৰা পূজা পাদ্য অৰ্ঘ্য লই জয় জয় জয় মানৱ দেৱ....
উক্ত কবিতাফাঁকি ৰোমাণ্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত মানৱ বন্দনা নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
মানুহে মানুহক দেৱতা জ্ঞান কৰি সেৱা কৰা প্ৰসংগত উক্ত কবিতাফাঁকি উল্লেখ কৰা হৈছে।
এই পৃথিৱীত মানুহেই হ'ল নৰৰূপী ভগৱান। এই নৰৰূপী ভগৱানৰ সেৱা কৰা মানুহৰ প্ৰধান কৰ্ত্তব্য। এই সচৰাচৰ মাজত পৰম শক্তি ৰূপে জিলিকি থকা মানৱ সত্তাক সেৱা কৰাটোয়েই হৈছে মানুহৰ পৰম ধৰ্ম। সেয়েহে কবিয়ে পাদ্য অৰ্ঘ্য লৈ মানুহৰ পূজা কৰিবলৈ কৈছে আৰু মানুহৰ জয়গান গাবলৈ কৈছে।
Log in to join the discussion.