Posted by bulmoni • 7 days ago

মানুহৰ এক কল্পই ব্রহ্মাৰ এদিন।

Discussions (1)
bulmoni · 7 days ago
ইয়াত কৰ্মী মানুহৰ সময়ৰ মূল্যৰ কথা কোৱা হৈছে। কৰ্মীলোকৰ মনত দিনটো চকুৰ প্ৰচাৰতে গ'ল যেন লাগে। এই কাৰণেই বোধ কৰো মানুহৰ এবছৰে দেৱতাৰ এদিন বুলি কোৱা হয়। মানুহৰ এক কল্প বা এহেজাৰ যুগে ব্রহ্মাৰ মাত্ৰ এদিন আৰু এৰাতি। বিশ্বব্ৰহ্মাণ্ডৰ খণ্ড আৰু মহাপ্ৰলয়ৰ মাজেদি ব্রহ্মাই সৃষ্টিৰ গতি অব্যাহত ৰাখিবলৈ কি বিৰাট কৰ্মক্ষেত্ৰত পাতিব লগা হৈছে, সেইকথা মানুহৰ কল্পনাৰো অতীত। ব্রহ্মাই যিমানখিনি সৃষ্টিৰ কাম কৰিব লগা হয় মানুহৰ দিন ৰাতিৰ কামৰ তুলনাত যথাৰ্থতে এহেজাৰ যুগৰ কাম হৈ উঠে। মানুহৰ এক কল্পই ব্রহ্মাৰ এদিন আৰু এৰাতিৰ অৰ্থ এয়েই।
Log in to join the discussion.