Posted by bulmoni • 7 days ago

'মোৰ দেশ' কবিতাটোৰ মূলভাৱ লিখা।

Discussions (1)
bulmoni · 7 days ago
'মোৰ দেশ' কবিতাটোৰ মূলভাৱঃ
'মোৰ দেশ' কবিতাটোৰ কবি হীৰেণ ভট্টাচাৰ্য। সুগন্ধি কবি হীৰেন ভট্টাচাৰ্য দেৱৰ 'মোৰ দেশ' নামৰ কবিতাটি এটি স্বদেশ প্ৰেম মূলক কবিতা। কবিৰ বাবে নিজৰ দেশখন প্ৰাণতকৈও, গানতকৈও আপোন। তেওঁৰ প্ৰতিটো কাম আৰু চিন্তাই দেশখনৰ উন্নতিৰ কথাকেই সোঁৱৰাই। পৃথিৱীৰ বিভিন্ন দেশ কবিয়ে ঘূৰিছে, বিভিন্ন ঠাইৰ মানুহৰ লগত আন্তৰিকতা স্থাপন কৰিছে ; কিন্তু তেওঁৰ শৈশৱ আৰু যৌৱন অতিবাহিত কৰা দেশখনৰ প্ৰতি কবি সদায় আকৃষ্ট, দায়ৱদ্ধ। এই দেশৰ প্ৰতিটো পুৱাই কবিক দিয়ে ঐশ্বৰ্য্যৰ বিপুল সম্ভাৰ, প্ৰতিটো সন্ধিয়াই স্নিগ্ধ ফুলৰ সুবাস আৰু প্ৰতিটো ঋতুৱে যেন কবিক দিয়ে জীৱনৰ আশীৰ্বাদ। সেয়েহে কবিয়ে এই দেশৰ প্ৰতিজন শ্ৰমিকৰ লগত নিজকে বিলীন কৰি দিছে। সকলোকে ঐক্যৱদ্ধ ভাৱে ৰখাৰ প্ৰয়াস কৰিছে। শত্ৰু- মিত্ৰ সকলোকে অন্তৰ জিনি পৰস্পৰৰ মাজত শান্তিৰ শ্ৰীবৃদ্ধি কামনা কৰিছে। দেশৰ প্ৰতি গভীৰ ভালপোৱা কবিতাটোৰ মাজেৰে প্ৰকাশ পাইছে।
Log in to join the discussion.