Posted by bulmoni • 7 days ago
মোৰ জীৱনৰ আঁহে আঁহে মোৰ যৌৱনৰ কোঁহে কোঁহে সেই সপোনৰ কলৰোল।
Discussions (1)
bulmoni
·
7 days ago
'মোৰ জীৱনৰ............ ................... কলৰোল।'
উক্ত কবিতাফাঁকি সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্য দেৱৰ দ্বাৰা ৰচিত কবিতা 'মোৰ দেশ' ৰ পৰা তুলি দিয়া হৈছে। কবিয়ে নিজৰ দেশখনক প্ৰাণধিক ভাল পায়। তেওঁৰ প্ৰতিটো কথা কামৰ মাজত দেশৰ প্ৰগতিৰ বাৰ্তাই প্ৰকাশ পায়। তেওঁৰ জীৱন, যৌৱন দেশৰ বাবেই অৰ্পন কৰিছে। দেশখনৰ সোণালী ভৱিষ্যতৰ সপোণ কবিৰ ৰন্ধ্ৰে ৰন্ধ্ৰে বিয়পি আছে। কবিতাফাঁকিৰ মাজেৰে কবিৰ স্বদেশানুৰাগ ফুটি উঠিছে।
Log in
to join the discussion.