Posted by bulmoni • 7 days ago
'মিহি ভাব মিহি গতি কৌশলী বিদ্যাৰ নাই মৃত্যু অজৰ-অমৰ য'তে পৰে ত' তে গজে, বিভিন্ন আকাৰ ঠাই বুজি দীঘল-ডাঙৰ।
Discussions (1)
bulmoni
·
7 days ago
'মিহি ভাব................
................................. .................................. ....................... ডাঙৰ।' উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি দুৰ্গেশ্বৰ শৰ্মাদেৱৰ ৰচনা কৰা 'গীত আৰু ছবি' নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। কলাত্মক কৌশলী বিদ্যা যে অজৰ-অমৰ সেই প্ৰসংগতে কবিয়ে উক্ত কবিতাফাঁকি উপস্থাপন কৰিছে। সাধাৰণ বিষয়বস্তু কলাত্মক উপস্থাপনৰ জৰিয়তে মানুহৰ হৃদয়ত স্থান লাভ কৰিবলৈ সক্ষম হয়। এই কলাত্মক কৌশলক কবিয়ে অজৰ অমৰ বুলি কৈছে। ইয়াৰ কেতিয়াও মৃত্যু নাই, ই চিৰস্থায়ী। ঠাইভেদে ইয়াৰ প্ৰকাৰ ভিন্ন হ'ব পাৰে।
Log in
to join the discussion.