Posted by bulmoni • 7 days ago
নম্ৰতা সজ ব্যৱহাৰৰ অনুপান।
Discussions (1)
bulmoni
·
7 days ago
লেখক সত্যনাথ বৰা দেৱে 'অন্যৰ প্ৰতি ব্যৱহাৰ' নামৰ পাঠটিত সজ ব্যৱহাৰ আৰু আচৰণৰ কথা ক'বলৈ গৈ নম্ৰতা সজ ব্যৱহাৰৰ অনুপান বুলি কৈছে। কিয়নো যিদৰে উচিত অনুপানেৰে ঔষধ খালে সি বেছি গুণ দিয়ে; সেইদৰেই ব্যৱহাৰত নম্ৰতা মিহলালে তাৰো উপকাৰ সৰহ হয়। দম্ভালি মাৰি কথা ক'লে সমাজত অপ্ৰিয় হোৱা দেখা যায়। সেইকাৰণে আমি নম্ৰ হোৱা উচিত। নম্ৰতাৰ পৰা মানুহৰ মনৰ উচ্চতাহে প্ৰকাশ পায়। নম্ৰতা এটা মনৰ গুণ, মিঠা মাত তাৰ ফল। মনত নম্ৰতা ভাৱ থাকিলে, সুখেৰে আপোনা- আপুনি মিঠা মাত ওলায়। মিঠা মাতেৰে সকলোৰে অন্তৰ জয় কৰিব পাৰি।
Log in
to join the discussion.