Posted by bulmoni • 7 days ago

পিপলান্ত্ৰি গাঁৱত প্ৰকৃতি আৰু মানুহৰ মাজত কেনেদৰে আত্মিক সম্পৰ্ক গঢ় লৈ উঠিছিল পাঠৰ সহায়ত লিখা?

Discussions (1)
bulmoni · 7 days ago
পিপলান্ত্ৰি গাঁৱত শ্যাম সুন্দৰ পালিৱালৰ নেতৃত্বত গাঁওখনত কন্যা সন্তান জন্ম হ'লে প্ৰতিজনী কন্যা সন্তানৰ নামত ৰাইজে ১১১ টা গছপুলি ৰোপণ কৰিব লাগিছিল আৰু এই কাম 'কিৰণ নিধি যোজনা'ৰ অধীনত আৰম্ভ হয়। ছোৱালীজনীৰ জন্মৰ সময়ত ৰোৱা গছপুলি বোৰৰ ছোৱালী জনীৰ বিয়াৰ বয়সলৈ একো জোপা পূৰ্ণাংগ গছলৈ ৰূপান্তৰিত হয় আৰু ১১১ জোপা গছৰ মূল্যৰ ভালে খিনি বৃদ্ধি পায়। এইবোৰ গাঁওখনৰ মূল্যৱান সম্পতি হৈ পৰে। কিন্তু গছে দিয়া অক্সিজেন তাতোকৈও অধিক মূল্যৱান। গতিকে প্ৰতিটো গছপুলিক এজোপা পূৰ্ণাংগ গছলৈ ৰূপান্তৰিত কৰাৰ দায়িত্ব গাঁৱৰ প্ৰতিজন লোকেই পালন কৰি আহিছে। ৰাখী বন্ধনৰ দিনা গাঁৱৰ ছোৱালী আৰু মহিলা সকলে গছত ৰছী বান্ধে আৰু ইয়াৰ দ্বাৰা গছ আৰু মানুহৰ মাজত আত্মিক সম্পৰ্ক গঢ় লৈ উঠিছিল।
Log in to join the discussion.