Posted by bulmoni • 7 days ago
'প্ৰাকৃতিক জগতৰ গতি-বিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয়'___ প্ৰাকৃতিক জগতৰ গতি বিধিবোৰ কি কি? কেনেকৈ এই গতি বিধিৰ দ্বাৰা সময় নিৰ্ণয় কৰিব পাৰি?
Discussions (1)
bulmoni
·
7 days ago
প্ৰাকৃতি জগতৰ গতি- বিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয়। ছয় ঋতুৰ উদ্ভৱ ইয়াতেই। জাৰত ঠেৰেঙা হৈ থকা গছৰ ডালত কুঁহিপাত ওলালে, কঁঠালে মুচি পেলালে, আমে মলিয়ালে, ধান পকিলে, বাঁহে গাজ মেলিলে, ঢাপত কেতেকী গোন্ধালে একো একোটা ঋতুৰ সম্ভেদ পোৱা যায়।
জীৱ- জন্তুৰ আচৰণতো সময় নিৰূপণ কৰিব পাৰি। কেঁকোৰা গাঁতত সোমালে, মাছে কণী পাৰিলে, ভেকুলীয়ে টোৰটোৰালে একো একোটা ঋতুৰ গম পোৱা যায়। গৰুৱে চৰা ঠাইৰ পৰা ধূলি উৰাই উলটি আহোঁতে গধূলি হোৱা দেখা যায়। শিয়ালে হোৱা দি দি প্ৰতি প্ৰহৰৰ বাতৰি দিয়ে। ফেঁচুৱে জালি দি, টঙিত পাৰই ৰুণ দি জনায় পোহৰ হ'বলৈ আৰু বেছি পৰ নাই। কুকুৰাৰ ডাকত ৰাতি পুৱাল বুলি মানুহে শোৱা ঢাৰি-পাটী এৰিবৰ উপক্ৰম কৰে। প্ৰাকৃতিক জগতৰ এনেবোৰ গতি - বিধিক লক্ষ্য কৰি সময় নিৰূপণ কৰিব পাৰি।
Log in
to join the discussion.