Posted by bulmoni • 1 day ago
প্রসংগ সংগতি দর্শাই বুজাই লিখা। (ক) "অগ্নি, সর্প আৰু প্রলোভন, এই তিনি একে ধৰণেৰে বিষাক্ত।"
Discussions (1)
bulmoni
·
1 day ago
“অগ্নি, সৰ্প আৰু প্ৰলোভন, এই তিনি একে ধৰণেৰে বিষাক্ত” উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি "অংকুৰণ" (অষ্টম ভাগ)ৰ অন্তৰ্গত "সূৰ্য কুমাৰ ভূঞা"ৰ দ্বাৰা ৰচিত "যুগমীয়া শৰাইঘাট" নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
অগ্নি, সৰ্প আৰু প্ৰলোভন এই তিনিটাৰ দ্বাৰাই যে সৰ্বনাশ সংঘটিত হ'ব পাৰে তাকে বুজাবলৈ বিচৰা হৈছে। মোগলৰ সেনাপতি ৰামসিংহই আহোমৰ কটকী ৰামচৰণ আৰু নিমক লোভ লগাবলৈ ৰাজপুতনাৰ ফালৰ কাঠৰ চৰাইৰ নাচ দেখুৱাইছিল। ৰামচৰণে কাঠৰ চৰাইৰ নাচ দেখি আচহুৱা চৰাইটোলৈ ঘনে ঘনে চাইছিল। ৰামচৰণ কটকীয়ে অসমীয়াক দেখুৱাবলৈ চৰাই এটি খুজিলে। ৰামসিংহই দুটা চৰাই দিলে। লাচিত বৰফুকনে শুনি মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত, ৰামচৰণক লোৱা লগাই থ'লে। কাৰণ লাচিত বৰফুকনে জানিছিল যে, অগ্নি, সৰ্প আৰু প্ৰলোভন এই তিনি একে ধৰণেৰে বিষাক্ত। প্ৰলোভন, সৰ্প এবাৰ যুদ্ধ শিবিৰত
সোমালে সৰ্বনাশ সংঘটিত হ'ব। মোগলৰ সেনাপতিয়ে আহোম শিবিৰত এই প্ৰলোভনৰ সৰ্প মেলিব বিচাৰিছিল যদিও লাচিত বৰফুকনৰ বিচক্ষণতাত বিফল হৈছিল।
বা
মোগল সেনাপতি ৰামসিংহে আহোম কটকী ৰামচৰণক নিমক-লোভ লগাবলৈ ৰাজপুতনাৰ কাঠৰ চৰাইৰ নাচ দেখুৱালে। চৰাইটো দেখি ৰামচৰণ আকৃষ্ট হৈছিল আৰু অসমলৈ লৈ যাবলৈ এজন চাইছিল। ৰামসিংহে দুটা চৰাই দিলে। এই কথা শুনি লাচিত বৰফুকনে ৰামচৰণক গ্ৰেপ্তাৰ কৰিবলৈ আদেশ দিলে। তেওঁ জানিছিল—অগ্নি, সৰ্প আৰু প্ৰলোভন একেই ৰূপে বিধ্বংসী। প্ৰলোভনে শিবিৰত স্থান পালে, সৰ্বনাশ অনিবার্য। মোগলে প্ৰলোভনৰ ফান্দ পাতিলেও, লাচিতৰ বিচক্ষণতাত সেই চাল বিচৰ্ত্তিত হৈছিল।
Log in
to join the discussion.