Posted by bulmoni • 2 days ago
প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। (ক) আঘোণৰ পথাৰত দাৱনীৰ কাম আছে মুঠি মুঠি কাচি ডাঙৰি ডাঙৰি, কাম আছে, আঘোণৰ পথাৰত কাম আৰু কাম ।
Discussions (1)
bulmoni
·
2 days ago
উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ কেশৱ মহন্ত দ্বাৰা ৰচিত ‘আঘোণৰ কুঁৱলী’ নামৰ কবিতাটোৰ তুলি ধৰা হৈছে ।
কবিতাফাঁকিৰ মাজেৰে কবিয়ে আঘোণৰ পথাৰত দাৱনীৰ লানি নিছিগা কামৰ সম্পৰ্ক ব্যক্ত কৰিছে । আঘোণৰ পথাৰ সোণালী ধানেৰে উপচি পৰে। সেই সময়ত অসমীয়া মহিলাসকলে ধাননি পথাৰত বিভিন্ন কামত ব্যস্ত থাকে। অসমীয়া তিৰোতাসকলে পুৰুষৰ লগতে পথাৰৰ পৰা ধান কটা, ধান চপোৱা, আদি নানান কাম কৰিবলগা হয়। কবিয়ে কবিতাফাঁকিৰ দ্বাৰা এই ব্যস্ততাৰ ইংগিত কৰিছে।
Log in
to join the discussion.