Posted by bulmoni • 4 days ago
প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা- ক) এইখন এখন মহাকাব্য, পৰ্বতৰ মৌন ভাষাই লেখি যোৱা তেজৰ বুৰঞ্জী ৷
Discussions (1)
bulmoni
·
4 days ago
উপৰোক্ত কবিতাফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি 'সাহিত্য সৌৰভ'ৰ অন্তৰ্গত হেম বৰুৱাৰ ৰচিত 'এখন চিঠি’ কবিতাটোৰ পৰা তুলি দিয়া হৈছে ৷
সৈনিকৰ জীৱন আৰু যুদ্ধক্ষেত্ৰ যে এখন মহাকাব্য সদৃশ তাকেই কবিতাফাঁকিৰ জৰিয়তে বুজাবলৈ যত্ন কৰা হৈছে ৷ এজন সৈনিকৰ জীৱন সহজ নহয় ৷ তেওঁৰ অন্তৰত লুকাই থাকে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা হাজাৰ মৰ্মস্পৰ্শী বেদনা ৷ মহাকাব্যত যিদৰে শত শত জনৰ তেজৰে লিখা বুৰঞ্জী থাকে, এই সৈনিকসকলৰ জীৱনো তেনেকুৱা ৷ প্ৰতি মূহূৰ্ততে যুদ্ধৰ বাবে সাজু থাকিব লগা হয় কোন সময়ত শত্ৰুৰ হাতত নিজকে আত্মসমৰ্পণ কৰিব লগা হয় তাৰ ঠিকনা নাই ৷
Log in
to join the discussion.