Posted by bulmoni • 3 days ago
প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ''নিজম আকাশৰ নিচুক কথাটি হিয়াত থৈছে সাঁচি, কোন কাহানিৰ সপোন দেখিছে কোনে হাঁহিছিল নাচি।''
Discussions (1)
bulmoni
·
3 days ago
“নিজম আকাশৰ নিচুক কথাটি
হিয়াত থৈছে সাঁচি, কোন কাহানিৰ সপোন দেখিছে কোনে হাঁহিছিল নাচি”। উক্ত কবিতাফাঁকি আমাৰ পাঠৰ অন্তৰ্গত প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত 'নিয়ৰ' নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। ৰাতিপুৱা ফুলৰ পাহিত পৰি থকা নিয়ৰ তুপালক নিশাৰ আকাশৰ পৰা সৰি পৰা তৰা ৰূপত কবিয়ে কল্পনা কৰিছে। সেই প্ৰসংগত উক্ত কবিতা ফাকি তুলি দিয়া হৈছে। প্ৰকৃতিৰ ৰূপ-বৈচিত্ৰ্য়ই মানুহৰ মনলৈ কঢ়িয়াই আনে। প্ৰতিটো পুৱাই আমাক অজানিতে দি যায় আশাৰ বতৰা। এই বৰ্ণময় বাৰ্তাৰ অন্য়তম বাহক হ'ল 'নিয়ৰ'। নিয়ৰৰ তুপালবোৰ কবিৰ মনত যে আকাশৰ পৰা সৰি অহা তৰাহে। আকাশৰ নিচুক কথা হিয়াত সাঁচি ৰখা তৰাটীয়ে যেন সৰগত টোপনিতে সপোন দেখিছে। সেই সপোনত হাঁহি হাঁহি নৃত্য় কৰোঁতে যেন মণি ছিগি ৰৈ গ'ল।
বা
উক্ত অংশটো চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘নিয়ৰ’ কবিতাৰ পৰা তুলি দিয়া হৈছে। কবিয়ে নিয়ৰক নিশাৰ আকাশৰ পৰা সৰি পৰা তৰা ৰূপে কল্পনা কৰিছে। প্ৰকৃতিৰ সৌন্দৰ্য্যই মানুহৰ মনত আনন্দ আনে, আৰু প্ৰতিটো পুৱাই আশাৰ বতৰা নিয়ে। কবিৰ ভাবনাত, নিয়ৰৰ তুপালবোৰ যেন আকাশৰ নিচুক কথা হিয়াত সাঁচি ৰখা তৰাটীৰ সপোনৰ মণি, যি নৃত্যৰ আনন্দতে ছিগি পৰিছে।
Log in
to join the discussion.