Posted by bulmoni • 1 day ago
ৰচনা লিখা। অসমৰ প্ৰাকৃতিৰ দুৰ্যোগ।
Discussions (1)
bulmoni
·
1 day ago
আৰম্ভণিঃ- প্ৰাকৃতিক দুৰ্যোগ নিজে নিজে হয়। প্ৰাকৃতিক দুৰ্যোগৰ ফলত আমাৰ বহুত অসুবিধা হয়। প্ৰাকৃতিক দুৰ্যোগ বহুত আছে যেনে- ভূমিস্খলন, বানপানী, ভূমিকম্প, গৰাখহনীয়া আদি।
ভূমিস্খলনঃ- নেৰানেপেৰাকৈ বৰষুণ দি থাকিলে ওখ ঠাইৰ পৰা যি গছ-গছনি, মাটি ওখহি পৰে তাকে ভূমিস্খলন বোলে। ভূমিস্খলন প্ৰাকৃতিক দুৰ্যোগ আৰু মানুহৰ ফলতো হয়।পাহাৰীয়া অঞ্চলত মানুহে মাটি কটা বা গছ-গছনি ধ্বংস কৰাৰ ফলতো ভূমিস্খলন হয়।
বানপানীঃ- প্ৰতি বছৰে বানপানীৰ ফলত অসমৰ মানুহৰ ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, খেতি-পথাৰ লগতে জীৱ-জন্তুৰ প্ৰাণ নাশ হয়। বাৰিষা বৰষুণৰ ফলত বানপানী হোৱা সম্ভৱনা থাকে। বানপানী হ'লে আমাৰ বহুত অসুবিধা হয়। বানপানী অসমৰ জলন্ত সমস্য়া।
ভূমিকম্পঃ- ভূমিকম্প এটা ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগ। ভূমিকম্প সাগৰতো হয়। ভূমিকম্প হ'লে বহুত অট্টালিকা ধ্বংস হয়। ভূমিকম্প হ'লে মেজ বা বিচনাৰ তলৰ খুটিত ধৰি থাকিব লাগে।
গৰাখহনীয়াঃ- নদীৰ গতিপথৰ কাষৰ মাটি খহাই নিয়াকে গৰাখহনীয়া বোলে। দুয়োপাৰত হোৱা খহনীয়াৰ ফলত নৈপৰিয়া মাটিৰ পৰিমাণ কমি আহে। বানপানী হৈ যোৱাৰ পাছত নৈৰ গৰাখহনীয়াৰ মাত্ৰা বৃদ্ধি হয়।
সামৰণিঃ- অসমৰ এই প্ৰাকৃতিক দুৰ্যোগসমূহৰ পৰা কিছু সতৰ্ক হ'লে ৰক্ষা পাব পাৰি যদিও কিছুমান দুৰ্যোগে এটিয়াও দুৰ্ভোগ ভোগাই আছে।
Log in
to join the discussion.