Posted by bulmoni • 7 days ago

সোণৰ জেউতি অমান্য কৰিলে নকমে।

Discussions (1)
bulmoni · 7 days ago
সোণ এবিধ বহুমূলীয়া ধাতু। ই সকলোকে আকৰ্ষিত কৰে। সকলোৱে সোণৰ অলঙ্কাৰ পিন্ধিবলৈ ইচ্ছা কৰে। কিন্তু ইয়াৰ মূল্য অধিক হোৱা বাবে সকলোৱে সোণ কিনিব নোৱাৰে। তাৰ বাবে যদি কোনোবাই সোণক অমান্য কৰিব খোজেও, সোণৰ জেউতি কিন্তু কমি নাযায়। ইয়াৰ দ্বাৰা লেখকে বুজাব বিচাৰিছে যে জ্ঞানী বা মান্যৱন্ত লোকক অমান্য কৰিলেও তেওঁলোকৰ মান নকমে। কিছুমান এনে মানুহ আছে যিয়ে সমাজত সন্মান থকা ব্যক্তিক অসন্মান কৰিলে পুৰুষালি কৰা যেন পায়, সেই দেখি ছল পালে অসন্মান কৰিবলৈ নেৰে। কিন্তু সিহঁতে ভাবি নাচায় যে মান্যৱন্ত বা সন্মানীয় অমান্য কৰি সন্মান কমাব নোৱাৰি।
Log in to join the discussion.