Posted by bulmoni • 1 day ago
সেনাপতি কোৱামৃদ্ধা হাজৰিকাই কি কৌশলেৰে মোগল সৈন্যৰ মাজৰ পৰা সাৰি আহিবলৈ সক্ষম হৈছিল বর্ণনা কৰা।
Discussions (1)
bulmoni
·
1 day ago
সেনাপতি কোৱামৃদ্ধা হাজৰিকাক মোগলে নাওঁৰে সৈতে ধৰি আনন্দত মতলীয়া হৈ তেওঁক নাচিবলৈ ক'লে। চাৰিওফালে মোগলৰ নাওঁ, মাজতে কোৱামৃদ্ধাৰ নাওঁ। হাজৰিকাই ক'লে, “মই নাচিম ঢোল-মৃদংগ-খঞ্জৰী নাই, তোমালোকে চাপৰি মাৰা।” নাৱৰ বৈঠাৰ পৰা হাত এৰি মোগল সৈন্যই চাপৰি মাৰিবলৈ ধৰিলে। কোৱাই নিজৰ নাওঁ-বৈঠাক টিপ দিলে নাৱৰ মূৰ অসমীয়া নাৱৰ পোনে টোঁৱাবলৈ। নাচোনৰ ছেও দেখি বঙালৰ সৈন্য মচগুল হ'ল। এই ছেগতে কোৱাৰ নাওঁখন সাউৎকৰে আঁতৰি গ'ল। মোগলে বৈঠা মাৰি নাওঁঁ ভিৰাই তেওঁক খেদিবলৈ যো-জা কৰোঁতেই অসমীয়াৰ নাওঁ নিজৰ ঠাই পালেগৈ।
বা মোগলে কোৱামৃদ্ধা হাজৰিকাক বন্দী কৰি আনন্দতে নাচিবলৈ ক'লে। হাজৰিকাই উত্তৰ দিলে, “মই নাচিম, ঢোল-মৃদংগ-খঞ্জৰী নাই, তোমালোকে চাপৰি মাৰা।” মোগল সৈন্যই বৈঠা এৰি চাপৰি মাৰিবলৈ ধৰিলে। এই সুযোগতে হাজৰিকাই নিজ নাওঁৰ বৈঠাক টিপ দিলে, নাওঁ মোগলৰ নাওঁ পোনে ঠেলি দিলে। নাচোনত মশগুল মোগল সৈন্য হতচকিত হ’ল, আরামতে হাজৰিকাৰ নাওঁ সাউৎকৰে আঁতৰি গ'ল, আৰু মোগলে ধৰি পেলাবলৈ চেষ্টা কৰোঁতেই অসমীয়াৰ নাওঁ নিজৰ ঠাই পালেগৈ।
Log in
to join the discussion.