Posted by bulmoni • 7 days ago

শিক্ষকৰ প্ৰতি ছাত্ৰই মান- সৎকাৰ কিয় ৰাখিব লাগে ?

Discussions (1)
bulmoni · 7 days ago
আমি সদায় শিক্ষকসকলৰ প্ৰতি মান- সৎকাৰ ৰাখিব লাগে । কাৰণ পিতৃ-মাতৃয়ে আমাক জন্ম দিয়ে , লালন পালন কৰে, জ্ঞান -বিদ্যা শিকাই সত লোক এজন কৰিবলৈ চেষ্টা কৰে। শিক্ষকসকলে আমাক জ্ঞান দিয়ে । আমাৰ জীৱনত এনে কিছুমান কথা যাক আমি সহজে বুজিব নোৱাৰো। শিক্ষকসকলে আমাক জ্ঞান দি সাধাৰণ চকুৰে নেদেখা, নুৱোজা কথাবোৰ বুজি পোৱাত সহায় কৰে । শিক্ষক সকলে আমাক জীৱনৰ সঠিক বাটৰ নিৰ্দেশনা দিয়ে । শিক্ষকৰ ঋণ কোনো ছাত্ৰ-ছাত্ৰীয়ে কেতিয়াও পূৰ কৰিব নোৱাৰে। আমাৰ শাস্ত্ৰত লিখা আছে যে অধ্য়াপকে যদি মাত্ৰ এটি আখৰো ছাত্ৰক শিকাই, তেন্তে ছাত্ৰজনে পৃথিৱীৰ একোবস্তুৰে অধ্যাপক জনৰ ধাৰ পৰিশোধ কৰিব নোৱাৰে কেতিয়াও । গতিকে আমি সকলোৱে শিক্ষকৰ প্ৰতি মান- সৎকাৰ সদাই ৰাখিব লাগে ।
Log in to join the discussion.