Posted by bulmoni • 7 days ago
'শিশুলীলা' পাঠটিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা।
Discussions (1)
bulmoni
·
7 days ago
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত 'কীৰ্ত্তন-ঘোষা'ৰ অন্তৰ্গত 'শিশুলীলা' পাঠটিত পৰম পুৰুষ শ্ৰীকৃষ্ণৰ ঐশ্বৰিক ৰূপৰ উপৰিও সাধাৰণ মানৱ শিশুৰ ৰূপটো অতি সুন্দৰ ভাৱে পৰিস্ফুত হোৱা দেখিবলৈ পোৱা যায়। সাধাৰণ মানৱ শিশুৱে যেনেকৈ মাকক আমনি কৰে, মাকৰ লগত ঠেহ-পেচ কৰে থিক তেনেদৰে ভগৱান শ্ৰীকৃষ্ণয়ো মাক যশোদাৰ লগত ঠেহ পাতিছে, অভিমান কৰিছে। মাকৰ মনোযোগ আকৰ্ষণ কৰাৰ বাবে ঘৰৰ বয়-বস্তু ভাঙি, দলিয়াই লণ্ড-ভণ্ড কৰিছে। মাকৰ খং উঠাত ভয়তে পলাইছে আৰু মাকৰ ভাগৰ লগা দেখি আপুনিয়ে মাকৰ হাতত ধৰাও দিছে। শিশুলীলাৰ আ্যখ্যানভাগ কৃষ্ণ হৈ পৰিছে চিৰন্তন শিশুৰ এক মোহনীয় ৰূপ। এয়া যেন আমাৰ চিনাকি এক শিশুৰহে দুষ্টালি।
Log in
to join the discussion.