Posted by bulmoni • 4 days ago
শংকৰদেৱৰ " জয় জয় যাদৱ জলনিধিজা " বৰগীতটিৰ মূলভাব লিখা ৷
Discussions (1)
bulmoni
·
4 days ago
শংকৰদেৱৰ " জয় জয় যাদৱ জলনিধিজা " বৰগীতটি ভগৱান শ্ৰীকৃষ্ণৰ জয় ধ্বনিৰে আৰম্ভ কৰা হৈছে ৷ বৰগীতটিৰ মাধ্যমৰে ভগৱান শ্ৰীকৃষ্ণৰ নাম শ্ৰৱণ আৰু স্মৰণৰ মহিমা প্ৰকাশ কৰাৰ লগতে তেওঁৰ পৰম কৰুণাময় ৰূপ অংকন কৰিছে ৷ তেওঁৰ নাম শ্ৰৱণ আৰু স্মৰণ কৰা মাত্ৰেই জগতৰ সকলোৰে মনোকামনা সিদ্ধি হয় ৷ কেশী, মধু, মুৰ আদি অসুৰক বধ কৰি তেওঁ জগতত শান্তি প্ৰতিষ্ঠা কৰিছিল ৷ পীতবস্ত্ৰ পৰিধান কৰা শ্ৰীকৃষ্ণৰ শাৰীৰিক সৌন্দৰ্যই শৰৎকালৰ জোনৰ সৌন্দৰ্যকো চেৰ পেলাই বুলি উল্লেখ কৰি ভগৱানৰ চৰণ কমলত সেৱা জনাইগুৰুজনাই নিজৰ নামেৰে ভণিতা পেলাই বৰগীতটি সামৰণি মাৰিছে ৷
Log in
to join the discussion.