Posted by bulmoni • 7 days ago
শ্যাম সুন্দৰ পালিৱাল কোন? পিপলান্ত্ৰি গাঁওখন পৃথিৱীবিখ্যাত হোৱাত তেওঁৰ অৱদান সম্পৰ্কে চমুকৈ লিখা?
Discussions (1)
bulmoni
·
7 days ago
শ্যাম সুন্দৰ পালিৱাল হ'ল পিপলান্ত্ৰি গাঁওখনক পুনৰ জীয়াই তোলাৰ আঁৰৰ ব্যক্তি। পিপলান্ত্ৰি গাঁওখন পৃথিৱী বিখ্যাত তেওঁৰ অৱদান : ২০০৫-২০১০ চনটো শ্যাম সুন্দৰ পালিৱালে গাঁওখনৰ মুখিয়ালৰ দায়িত্বত থকা কালত তেওঁৰ একক আৰু মহৎ প্ৰচেষ্টাই গোটেই গাঁওখনকে এটা নতুন জীৱন দিলে। তেওঁ গাঁৱৰ প্ৰতিগৰাকী লোকক চাৰিটা দায়িত্ব অৰ্পণ কৰে। সেই চাৰিটা দায়িত্ব হ'ল - কন্যা সন্তানক ল'ৰা সন্তানৰ দৰেই ভালকৈ ডাঙৰ-দীঘল কৰা, পানী সংৰক্ষণ কৰা, গছ-গছনি ৰুই প্ৰতিপালন কৰা আৰু খেতি-বাতি কৰি নিজৰ প্ৰয়োজন পূৰণ কৰা। তাৰোপৰি তেওঁ 'কিৰণ নিধি যোজনা'ৰ অধীনত গাঁওখনত জন্ম হোৱা প্ৰতিজনী কন্যা সন্তানৰ নামত ৰাইজে ১১১ টা গছপুলি ৰোপণৰ ব্যৱস্থা কৰে। তেওঁ এনেদৰে তেওঁ প্ৰকৃতিৰ সুৰক্ষাৰ ব্যৱস্থা কৰি পিপলান্ত্ৰি গাঁওখনক পৃথিৱী বিখ্যাত হোৱাত সহায় কৰিছিল।
Log in
to join the discussion.