Posted by bulmoni • 7 days ago
সময়ৰ জোখ কামতহে, ঘড়ীৰ কাঁইটকেইডালত নাই।
Discussions (1)
bulmoni
·
7 days ago
উক্ত কথাষাৰ আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত নীলমণি ফুকন দেৱৰ দ্বাৰা ৰচিত 'সময়' নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
সময়ৰ মাপকাঠি কামৰ যোগেদি কেনেদৰে নিৰূপণ কৰিব পাৰি সেই প্ৰসংগতে উক্ত কথাষাৰ উল্লেখ কৰিছে। বৈজ্ঞানিক যন্ত্ৰ-পাতিৰ সহায়ত সময় নিৰূপণ কৰিব পাৰি যদিও আচলতে কৰ্মৰ জৰিয়তেহে প্ৰকৃত ৰূপে সময় নিৰূপণ কৰা হয়। কৰ্মী লোক সকলে বহু কাম কৰিও আমনি অনুভৱ নকৰে। ইয়াৰ বিপৰীতে এলেহুৱা লোকৰ বাবে দিনটো নাযায় নুপুৱাই যেন লাগে। সময়ৰ সদ্ ব্যৱহাৰ হাৰ কৰিলে জীৱন যুদ্ধত জয়লাভ কৰিব পাৰি। সেয়েহে সময়ক অমূল্য ধন বোলা হয়। ইয়াক ঘড়ীৰ কাঁটাৰ লগত তুলনা কৰিবলৈ যোৱাটো ভূল।
Log in
to join the discussion.