Posted by bulmoni • 7 days ago

সময়ৰ টিকনিডাল হেনো আগফালে।

Discussions (1)
bulmoni · 7 days ago
উক্ত কথাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত নীলমণি ফুকন দেৱে লিখা 'সময়' নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
ইয়াত লেখকে সময় যে ধৰি ৰাখিব নোৱাৰে তাকে ক'ব বিচাৰিছে। সময় বোৱতী নৈৰ নিচিনা। ইয়াক কোনেও ধৰি ৰাখিব নোৱাৰে। সময়ৰ টিকনিডাল আগফালে বুলি কোৱাৰ কাৰণ হ'ল যে - এবাৰ সময় পাৰ হৈ গুচি গ'লে আমি তাক পিছফালৰ পৰা টানি ধৰি ৰাখিব নোৱাৰো। সেয়েহে জ্ঞানী আৰু কৰ্মী লোকে সদায় নিৰ্ধাৰিত সময়তকৈ দুই - তিনি মিনিট আগেয়ে প্ৰস্তুত থাকে। পাৰ হৈ যোৱা সময় কেতিয়াও ঘূৰি নাহে। সেয়েহে আমি সময়তকৈ অলপ আগে আগে চলিব লাগে আৰু কেতিয়াও অবাবত সময় নষ্ট কৰিব নালাগে। সময়ৰ মূল্য যিজনে বুজে সিয়ে জীৱনত উন্নতি কৰে।
Log in to join the discussion.