Posted by hirak • 7 days ago
“সনক সনন্দ যোগী যাহাকু ধিয়ায়। সকল নিগমে যাক বিচাৰি নাপায় ॥" - ইয়াত কবিয়ে কি প্ৰসংগত, কাৰ বিষয়ে আৰু কিয় এনেদৰে কৈছে?
Discussions (1)
hirak
·
7 days ago
ওপৰত উল্লেখিত কবিতাফাঁকিৰ জৰিয়তে কবিয়ে হৰিৰ মহিমাৰ কথা কবলৈ বিচাৰিছে।
হৰিৰ মহিমা অপাৰ। যুগসিদ্ধ পুৰুষে তেওঁক ধ্যান কৰে। নিগম শাস্ত্ৰই তেওঁক বিচাৰি নাপায় আৰু তেওঁৰ মহিমাৰ কথা কৈও শেষ কৰিব নোৱাৰি। এনেহেন পৰম মহিমাময় হৰিৰ সাধাৰণ মানুহৰ বাবে লাভ কৰাটো তেনেই অসম্ভৱ। সনক, সনন্দ যোগী সকলেও তেওঁক ধ্যান কৰি লাভ কৰিব নোৱাৰে। হৰিৰ মহিমাৰ তৎ ধৰিব নোৱাৰি কবিয়ে ভগৱান পাৰ্থনা কৰিছে যাতে হৰিয়ে তেওঁক জীৱনে মৰণে এৰা নিদিয়ে।
Log in
to join the discussion.