Posted by hirak • 7 days ago

“সনক সনন্দ যোগী যাহাকু ধিয়ায়। সকলে নিগমে যাক বিচাৰি নাপায়।" - তাৎপৰ্য বাখ্যা কৰা।

Discussions (1)
hirak · 7 days ago
হৰিৰ মহিমাৰ অপাৰ। তেওঁ পৰম ব্ৰহ্ম। তেওঁৰ মহিমাৰ কথা ব্ৰহ্ম আদি দেৱতাৰো অজ্ঞাত। সনক, সনন্দ আদি যোগসিদ্ধ পুৰুষেও তেওঁক ধ্যান কৰে। নিগম শাস্ত্ৰই তেওঁক বিচাৰি নাপায়। এনেহেন পৰম মহিমাময় হৰিক উপলব্ধি কৰাটো সাধাৰণ ভক্তৰ বাবে তেনেই অসম্ভৱ। ভক্তসকলে হাজাৰ হাজাৰ বছৰ ধৰি কাতৰ ভাৱে হৰিক পাৰ্থনা কৰে, যাতে তেওঁ হৰিৰ চৰণযুগলত আশ্ৰয় লাভ কৰিব পাৰে। হৰিৰ ভক্তসকলে বিশ্বাস কৰে যে হৰিৰ চৰণযুগলত আশ্ৰয় লাভ কৰিব পাৰিলে সাংসাৰিক দুখ কষ্টৰ পৰা মুক্তি লাভ কৰিব পাৰি। হৰি মহিমাময়। তেওঁৰ মহিমা সনক, সনন্দ আদি যোগী সকলোৰো অজ্ঞাত। সেয়েহে হৰিৰ মহিমাৰ তৎ ধৰিব নোৱাৰি ভক্তই হৰিক কাতৰ ভাৱে প্ৰাৰ্থনা কৰিছে, যাতে তেওঁক জীৱনে মৰণে কেতিয়াও লগ নেৰে।
Log in to join the discussion.