Posted by bulmoni • 2 days ago
সপোনত পোৱা ঔষধ' ৰোগীয়ে কিয় ব্যবহাৰ কৰা অনুচিত?
Discussions (1)
bulmoni
·
2 days ago
সপোনে হৈছে অচেতন মনৰ বাৰ্তা বাহক।প্ৰাচীন কালত সপোনক কিছুমান ঐশ্বৰিক বাৰ্তাৰ সাংকেতিক প্ৰকাশ বুলি কোৱা হৈছিল।কাৰণ কিছুমান মানুহে হঠাতে ৰাতি সপোনত কোনো শক্তিৰ পৰা মানুহৰ ৰোগৰ ঔষধ পোৱা বুলি দাবী কৰে ।আন দুই এজন মানুহে ভূত ভৱিষ্যতৰ কথা ক'ব পৰা,প্ৰায় সকলো ৰোগ নিৰাময় কৰিব পৰা হোৱা বুলি দাবী কৰে। কিন্তু এই দাবীৰ কোনো ভিত্তি নাই আৰু সময়ত এইবোৰ মিছা বুলিও প্ৰমাণিত হৈছে।সেয়ে সপোনত পোৱা ঔষধ গ্রহণ কৰি নিজৰ লগতে আনৰ অপকাৰ কৰাতকৈ সেই ঔষধ গ্ৰহণ নকৰাটোৱেই উচিত।
Log in
to join the discussion.